உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভেকচিন লোৱাই নাই, কিন্তু পালে প্ৰমাণপত্ৰ– মৰিগাঁৱত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

    ভেকচিন লোৱাই নাই, কিন্তু পালে প্ৰমাণপত্ৰ– মৰিগাঁৱত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

    মৰিগাঁৱৰ নগাবন্ধাত স্বাস্থ্যকৰ্মীক লৈ গুৰুতৰ অভিযোগ।

    মৰিগাঁৱৰ নগাবন্ধাত স্বাস্থ্যকৰ্মীক লৈ গুৰুতৰ অভিযোগ।

    মৰিগাঁৱৰ নগাবন্ধাত স্বাস্থ্যকৰ্মীক লৈ গুৰুতৰ অভিযোগ।

    • Share this:

    '৬০০ টকা দিয়ক আৰু লাভ কৰক ক’ভিড ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ'– ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে মৰিগাঁৱত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।


    হয়, মৰিগাঁও নগাবন্ধা নিগম গাঁঁৱত এই অভিযোগ আনিছে এগৰাকী মহিলাই । নুৰ বেণু নামৰ এগৰাকী মহিলাই ১৩ জুলাইত লাভ কৰিলে প্ৰথমটো ক’ভিড ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ। কিন্তু মহিলাগৰাকীক দিয়া হোৱা নাছিল কোনো ভেকচিন। মহিলাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছে আশাকৰ্মী ফিৰোজা আৰু একাউনটেন্ট মুক্তাৰৰ বিৰুদ্ধে।


    অভিযোগ অনুসৰি ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিলে জ্বৰ, মূৰৰ বিষ, গাৰ বিষ, মূৰ ঘূৰোৱা আদিৰ দৰে বিভিন্ন বেমাৰ হয় বুলি নুৰ বেণু নামৰ মহিলাগৰাকীক ভয় খুৱাইছিল নগাবন্ধা উপ স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী ফিৰোজাই ৷ তাৰ পৰিৱৰ্তে আশা কৰ্মী ফিৰোজাক ৬০০ টকা দিলেই ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ ঘৰত দি যাব বুলিও ফুচুলাইছিল মহিলাগৰাকীক।


    আৰু নগাবন্ধা উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী ফিৰোজাৰ কথা মতেই ৬০০ টকাৰ বিনিময়ত ভেকচিন নোলোৱাকৈয়ে নুৰ বেণুৱে লাভ কৰিছিল প্ৰমাণপত্ৰ ৷ কেৱল এয়াই নহয়, এনে বহু লোক আছে যি সকলক বহিঃৰাজ্যত কাম কৰিব যোৱাৰ বাবে প্ৰয়োজন হোৱা ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰৰ বাবে টকাৰ বিনিময়ত আশাকৰ্মী আৰু একাউনটেন্ট মুক্তাৰে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে।


    এই ঘটনা পোহৰলৈ অহাৰ পিছতে ইয়াৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জিলাখনৰ সচেতন মহলে ৷ এই দুষ্টচক্ৰটোক উৎখাত কৰিবলৈ মৰিগাঁও আৰক্ষী প্ৰশাসনক দাবী জনাইছে বিভিন্ন মহলে ৷


    উল্লেখ্য যে ৰাজ্যৰ একাংশ ভিতৰুৱা গ্ৰামাঞ্চলত নিজ মুনাফা আদায়ৰ লক্ষ্যৰে ক’ভিড ভেকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছে এটা দুষ্টচক্ৰই ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত এই অপপ্ৰচাৰ চলাই বিপথে পৰিচালিত কৰিছে সহজ–সৰল দৰিদ্ৰ তথা শিক্ষাৰ পোহৰ নোপোৱা লোকসকলক ৷

    Published by:Gautam Barman
    First published: