• Home
  • »
  • News
  • »
  • assam
  • »
  • অচিৰেই আৰক্ষীলৈয়ো যোগান ধৰা হ’ব PPE কিট, স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষীয়েও পৰিধান কৰিব লাগিব PPE কিট

অচিৰেই আৰক্ষীলৈয়ো যোগান ধৰা হ’ব PPE কিট, স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষীয়েও পৰিধান কৰিব লাগিব PPE কিট

এই ঘোষণা কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই

এই ঘোষণা কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই

এই ঘোষণা কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই

  • Share this:
এইবাৰ আৰক্ষীয়েও পৰিধান কৰিব PPE কিট ৷ কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষীয়েও পৰিধান কৰিব PPE কিট ৷ কোৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আৰক্ষীসকলক উদ্দেশ্যি এই ঘোষণা কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

নামনি অসমৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত ভাগ লোৱাৰ পিছত এই কথা সদৰী কৰিলে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। সংবাদমেল সম্বোধন কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে, ‘এতিয়ালৈকে ২০০০ PPE কিট অসম আৰক্ষীৰ হাতত পৰিছে ৷ কি পৰিস্থিতিত আৰক্ষীয়ে এই PPE কিট পৰিধান কৰিব সেই  বিষয়ত পৰ্যালোচনা আজিৰ এই  বৈঠকতে কৰা হয়।’

সেইদৰে ল’ক ডাউনৰ সময়ত ৰাজ্যত অপৰাধৰ সংখ্যা কমিছে বুলি জানিব দিয়ে মহন্তই ৷ তেঁও কয় যে, ‘ল’ক ডাউনৰ পিছত উদ্ভৱ হ’ব পৰা সম্ভাব্য পৰিস্থিতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অধ্যাপকৰ সৈতে আলোচনাত বহিব ৷ পৰিস্থিতি কিদৰে মোকাবিলা কৰিব সেই বিষয়ত হ’ব আলোচনা ৷’

বৈঠকত নামনি অসমৰ বঙাইগাঁৱ, চিৰাং, বৰপেটা, গোৱালপাৰা আৰু ধুবুৰীৰ আৰক্ষী অধীক্ষকসকলৰ লগতে জিলাকেইখনত থকা আৰক্ষী বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ বিষয়াসকলেও অংশ লয় ৷
Published by:Himangshu Bhuyan
First published: