ক্ৰমাত্ জটিল হৈছে ভাৰত আৰু চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক। তাৰ মাজতে সমগ্ৰ দেশতে আৰম্ভ হৈছে চীনা সামগ্ৰী বৰ্জনৰ আন্দোলন ৷ গুৱাহাটীতো জ্বলাই দিয়া হৈছে চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি, পতাকা, বিভিন্ন সামগ্ৰী ৷ এইবাৰ চীনৰ সামগ্ৰী বৰ্জন সন্দৰ্ভত মত প্ৰকাশ কৰিছে জুবিন গাৰ্গে ৷
জুবিনে কয়, 'চাইনীজ চিনেমাই চোৱা বাদ দিছো ৷ চীনা সামগ্ৰী নিজেও বৰ্জন কৰিছো আৰু আনকো বৰ্জনৰ আহ্বান জনাইছো ৷ আমি এতিয়া আত্মনিৰ্ভৰ হোৱাৰ সময় ৷ নিজাববীয়াকৈ কিছু পৰিকল্পনা কৰিছো, সকলোকে লৈ আগবাঢ়িম ৷'
সম্প্ৰতি জুবিন ব্যস্ত তেওঁৰ আহিবলগীয়া নতুন মিউজিক এলবাম 'চিলা'ক লৈ ৷ জুবিন গাৰ্গৰ নতুন পৰিকল্পনা 'চীলা' সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, 'মুম্বাইত চিকিৎসা চলি থাকোতেই নতুন বহু গীত লিখি উলিয়াইছিলো ৷ সেইসমূহ এতিয়া এলবাম আকাৰে প্ৰকাশ কৰাৰ কথা ভাবিছো ৷ কোৰোণাৰ এই দুঃসময়ত কেইটামান সুন্দৰ গীতৰ আমেজ শ্ৰোতাই ল'ব পাৰিব ৷ চিনেমাৰ বহু কাম এই বছৰলৈ বাদ দিছো ৷