কেৱল ৰাজনীতিতে দক্ষ নহয় তেওঁ, চিনেমাতো অভিনয় কৰিছিল হিমন্ত বিশ্ব শৰ্মাই, কোনখন চিনেমাত কৰিছিল অভিনয়?

News18 Assam | News18-Assam
Updated:May 9, 2021, 6:36 PM IST
কেৱল ৰাজনীতিতে দক্ষ নহয় তেওঁ, চিনেমাতো অভিনয় কৰিছিল হিমন্ত বিশ্ব শৰ্মাই, কোনখন চিনেমাত কৰিছিল অভিনয়?
ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন এক বৰ্ণিল পৰিক্ৰমা। বৰ্তমান অসমৰ ৰাজনীতিৰ চাণক্য তেওঁ।

ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন এক বৰ্ণিল পৰিক্ৰমা। বৰ্তমান অসমৰ ৰাজনীতিৰ চাণক্য তেওঁ।

  • Share this:
ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত অসমে লাভ কৰিলে এজন নতুন মুখ্যমন্ত্ৰী। বহু উৎকণ্ঠাৰ অৱসান পেলাই দেওবাৰে মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিধায়িনী দলৰ বৈঠকত বিজেপি নেতৃত্বই আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম।

ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন এক বৰ্ণিল পৰিক্ৰমা। বৰ্তমান অসমৰ ৰাজনীতিৰ চাণক্য তেওঁ। ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আঁৰৰ মূল ব্যক্তিজনেই হিমন্ত বিশ্ব শৰ্মা বুলি ক’লেও বঢ়াই কোৱা নহ’ব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক আলোড়ন সৃষ্টি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু অৱধাৰিতভাৱেই বিজেপিয়ে লাভ কৰিছিল নিৰ্বাচনী ফলাফল।

কিন্তু কেৱল ৰাজনীতিতে যে তেওঁৰ দক্ষতা আছে তেনে নহয়, সৰুৰে পৰা হিমন্ত বিশ্ব শৰ্মা আছিল অনন্য প্ৰতিভাৰ অধিকাৰী। আনকি সৰুতে অভিনয় জগততো খোজ দিছিল বৰ্তমানৰ প্ৰভাৱশালী ৰাজনীতিকগৰাকীয়ে। সৰুতে অভিনয়ৰ যোগেদি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আজিৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ক’ত অভিনয় কৰিছিল হিমন্ত বিশ্ব শৰ্মাই? 

১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তিলাভ কৰা ‘‘ককাদেউতা নাতি আৰু হাতী’ নামৰ বোলছবিখনত অভিনয় কৰিছিল কণমানি হিমন্ত বিশ্ব শৰ্মাই। বোলছবিখনৰ ‘এক দুই তিনি চাৰি, যুটি দিলো গৰুৰ গাড়ী’ নামৰ গীতটোত হাতীৰ পিঠিত উঠি থকা কণমানি ল’ৰাটোৱেই আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উক্ত কথাছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন চি দত্তৰ। সেই সময়ত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত একাংশই ছচিয়েল মিডিয়াত সেই বোলছবিখনৰ উক্ত গীতটোৰ কিয়দাংশ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে।
Published by: Sanjay Kumar Das
First published: May 9, 2021, 6:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি