‘CAA আন্দোলনৰ সময়ত দুৰ্বৃত্তৰ গুলীতহে নিহত হৈছিল ছয়গাঁৱৰ দিপাঞ্জল, ছিপাঝাৰৰ আজিজুৰ’

অসম বিধান সভাত ৰাজ্য চৰকাৰৰ উত্তৰৰ পিছতে হাহাকাৰ
অসম বিধান সভাত ৰাজ্য চৰকাৰৰ উত্তৰৰ পিছতে হাহাকাৰ
- News18 Assam
- Last Updated: March 2, 2020, 4:34 PM IST
আনহাতে এই আন্দোলনত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল ছয়গাৱৰ দিপাঞ্জল দাস আৰু ছিপাঝাৰৰ আজিজুৰ ৰহমানৰ ৷ সোমবাৰে বিধানসভাত চৰকাৰে এই তথ্য দাখিল কৰাৰ পিছতে বিধায়ক ৰেকিবুদ্দিন আহমেদে সমালোচনা কৰে চৰকাৰক ৷ ৰেকিবুদ্দিন আহমেদৰ মন্তব্য, 'চৰকাৰে গাপ দিব বিচাৰিছে প্ৰকৃত সত্য ৷'
নিহত লোকসকলক কিয় গুলীয়াব লগা হৈছিল বুলি অগপ বিধায়ক পবিন্দ্ৰ ডেকাই বিধান সভাত সোধা প্ৰশ্নৰ উত্তৰত চৰকাৰে কয়, "'কা' বিৰোধী আন্দোলনৰ সময়ত ১৪৪ ধাৰা আৰু সান্ধ্য আইন বলবৎ থকা অৱস্থাতো 'কা' বিৰোধী উত্তেজিত জনতাই আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় ৷ উক্ত সময়ত সাৱধান বাণী, লাঠী চালনা, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পাছতো 'কা' বিৰোধী উত্তেজিত জনতা শান্ত নোহোৱাত ৰাজহুৱা সম্পত্তি ৰক্ষা, সাধাৰণ নিৰীহ জনতা আক্ৰমণৰ বলি হোৱা, আইন শৃংখলা ৰক্ষা তথা আৰক্ষীৰ ওপৰত আক্ৰমণৰ ফলত আত্মৰক্ষাৰ্থে আৰক্ষীয়ে যথেষ্ট আত্মসংযমেৰে শূণ্যলৈ গুলিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰু তেনে অৱস্থাত লক্ষভ্ৰষ্ট হৈ প্ৰতিবাদকাৰীৰ ওপৰত গুলি লাগি উক্ত লোক কেইজন আঘাটপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়৷"