‘গোলাঘাটত পৰিকল্পিতভাৱে হত্যা কৰা হ’ল আবকাৰী বিষয়া–কৰ্মচাৰীকেইজনক’, গুৱাহাটীৰ পৰিয়ালে আৰু কি ক’লে?

একাংশই সুৰা মাফিয়াৰ পৰিকল্পনা মতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছতে একেই দাবী পৰিয়ালৰ।

News18-Assam
Updated:September 26, 2019, 12:47 PM IST
‘গোলাঘাটত পৰিকল্পিতভাৱে হত্যা কৰা হ’ল আবকাৰী বিষয়া–কৰ্মচাৰীকেইজনক’, গুৱাহাটীৰ পৰিয়ালে আৰু কি ক’লে?
একাংশই সুৰা মাফিয়াৰ পৰিকল্পনা মতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছতে একেই দাবী পৰিয়ালৰ।
News18-Assam
Updated: September 26, 2019, 12:47 PM IST
গোলাঘাটৰ মৰঙীসাৰ গাঁৱত দুৰ্ঘটনা নহয় ষড়যন্ত্ৰৰে পৰিকল্পিত ভাবে হত্যা কৰা হ’ল আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰীক! এই অভিযোগ গোলাঘাটৰ দুৰ্ঘটনাত নিহত হৰেকৃষ্ণ কুমাৰ আৰু ৰমেন বনজাঙৰ পৰিয়ালৰ। দুয়োৰে ঘৰ গুৱাহাটীত। হৰেকৃষ্ণ কুমাৰৰ ঘৰ জালুকবাৰীত আনহাতে হেঙেৰাবাৰীত ঘৰ ৰমেন বনজাঙৰ। দুয়োৰে  ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ। চকুলো টুকি পৰিয়ালৰ দাবী এয়া হত্যাকাণ্ড।

নিশা দুৰ্ঘটনাত নিহত হৈছিল আবকাৰী চোৰাংচোৱা বিভাগৰ বিষয়া চামু মাইবংচা আৰু ৰমেন বনজাং। নিশা টাটা ছুম’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত বাহনৰ ভিতৰতে জ্বলি ভস্মীভূত হয় আবকাৰী চোৰাংচোৱা বিভাগৰ এজন বিষয়া আৰু কনিষ্টবল। দুৰ্ঘটনাৰ পিছতে ৰাজপথতে দপদপকৈ জ্বলি ভস্মীভূত হয় টাটা ছুম’খন। অগ্নিদগ্ধ গৈ মৃত্যু হয় আবকাৰী চোৰাংচোৱা বিভাগৰ বিষয়া চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাঙৰ। মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত ঘৰ নিহত ৰমেন বনজাঙৰ। 

দুৰ্ঘটনাত আহত আন ৪জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত হৰেকৃষ্ণ কুমাৰ নামৰ এজনৰ মৃত্যু হয়। ছুম’খনত আছিল আবকাৰী চোৰাংচোৱা বিভাগৰ ৬জন বিষয়া–কৰ্মচাৰী। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল টাটা ছুম’খন। বৰ্তমানত JMCHত চিকিৎসাধীন হৈ আছে তানু ইনজাল নামৰ এজন। আনহাতে জাহিদুল হক আৰু চালক কে ৰাহুল সিঙক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন।

দুৰ্ঘটনাৰ পিছতে জ্বলি যায় টাটা ছুম’ বাহনখন


আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। সুৰা মাফিয়াই পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহ। আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু তনু ইনজালৰ ভাষ্য অনুসৰি, আবকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি