মুখ্যপৃষ্ঠা »খবৰ »অসম »ঘৰভাৰা দিব নোৱাৰাৰ কাৰণে ঘৰৰ মালিকে গাত ঢালিলে কেৰাচিন! কণ কণ সন্তানসহ মাজনিশা ৰাজপথত মহিলা

ঘৰভাৰা দিব নোৱাৰাৰ কাৰণে ঘৰৰ মালিকে গাত ঢালিলে কেৰাচিন! কণ কণ সন্তানসহ মাজনিশা ৰাজপথত মহিলা

লকডাউনৰ মাজতে ঘৰৰ মালিকৰ কাণ্ডক লৈ থানাত মহিলা।

লকডাউনৰ মাজতে ঘৰৰ মালিকৰ কাণ্ডক লৈ থানাত মহিলা।

লকডাউনৰ মাজতে ঘৰৰ মালিকৰ কাণ্ডক লৈ থানাত মহিলা।

  • Share this:
তলাবন্ধৰ মাজতে বঙাইগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ মাহেকীয়া ভাৰা আদায় দিব নোৱাৰাৰ বাবে গাত কেৰাচিন ঢালি ভাৰাতীয়াক উলিয়াই দিলে মালিকে ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰাতীয়াক পঞ্চাছ শতাংশ ধন ৰেহাই দিয়াৰ বাবে ঘৰৰ মালিকসকলোক অনুৰোধ জনাই থকাৰ সময়তে বঙাইগাঁৱত দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হ’ল ৷ তলা বন্ধৰ মাজত ঘৰ ভাৰা আদায় দিব নোৱাৰাৰ বাবে মালিকে গাত কেৰাচিন তেল ঢালি উলিয়াই দিলে মহিলাক ৷

মালিকৰ এনে অমানৱীয় কাণ্ডৰ বাবে কণ কণ দুটি সন্তানক লৈ নিশা নিৰাশ্ৰয় হৈ ৰাজপথত ঘুৰি ফুৰিবলগীয়া হ’ল দুৰ্ভগীয়া মহিলাই ৷ বিগত প্ৰায় তিনি বছৰ ধৰি ৪০ বছৰীয়া মহিলাগৰাকীয়ে দুই সন্তানক লৈ সুন্দৰী দাসৰ ঘৰত ভাড়া আছিল ৷

বিগত সময়ত মালিকক সময় মতে ভাৰা আদায় দি আহিলেও শেহতীয়াভাৱে তলাবন্ধৰ ফলত পদপথত দোকান দি পৰিয়াল পোহ পাল দি অহা মহিলাগৰাকীৰ আৰ্থিক উপাৰ্জন বন্ধ হৈ পৰে ৷ ইয়াৰ পিছতো সুন্দৰী দাস নামৰ মহিলাগৰাকীয়ে ঘৰভাৰাৰ বাবে হেঁচা দি অহাত ভাৰাতীয়া মহিলাগৰাকীয়ে আৰ্থিক সংকটৰ বাবে কেইদিন মানৰ পিছত ধন আদায় ল’বলৈ অনুৰোধ জনাই আহিছিল ৷ কিন্তু অসহায় ভাৰাতীয়া মহিলাগৰাকীৰ অনুৰোধ অগ্ৰাহ্য কৰি মালিকে বিভিন্ন কটু মন্তব্য কৰাৰ লগতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে ৷ তলাবন্ধৰ বাবে ঘৰ এৰিবলৈ সক্ষম নোহোৱাত সুন্দৰী দাসে ভাৰাতীয়া মহিলাগৰাকীক সোমবাৰে নিশা অশ্লীল গালি গালাজ আৰু ভয় ভাবুকি প্ৰদান কৰিয়ে ক্ষান্ত নাথাকি গাত কেৰাচিন পৰ্যন্ত ঢালি দিয়ে ৷ মালিক সুন্দৰী দাসে নিজে ভাৰাতীয়া মহিলাৰ গাত কেৰাচিন ঢালি দি ক’লে 'ওলাই যা নহলে সন্তানসহ জ্বলাই দিম ৷' মালিকৰ এনে অমানৱীয় কাণ্ডত দুই কণ কণ সন্তানসহ মহিলাগৰাকীয়ে ঘৰ এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় ৷ বলপূৰ্বক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত অসহায় আৰু নিৰাশ্ৰয় মহিলাগৰাকীয়ে পাঁচ আৰু সাত বছৰীয়া দুই সন্তানক লগত লৈ নিশা ৰাজপথত ঘুৰি ফুৰি অৱশেষত উত্তৰ বঙাইগাঁও আৰক্ষী চকীত আশ্ৰয় গ্ৰহণ কৰে ৷

ইতিমধ্যে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ভাৰাঘৰৰ মালিক সুন্দৰী দাসৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৷ অসহায় মহিলাগৰাকীয়ে কয় যে 'বিগত প্ৰায় তিনি বছৰ ধৰি সুন্দৰী দাস নামৰ মহিলাৰ ঘৰত ভাৰাতীয়া হৈ আছো ৷ প্ৰতি মাহে বিদ্যুৎ মাচুলৰ লগতে ৩২০০ টকাকৈ ভাৰা আদায় দি আহিছো ৷ তলাবন্ধৰ ফলত কাম কাজ বন্ধ হৈ পৰাৰ সময়তে এপ্ৰিল মাহত দিবলগীয়া ঘৰ ভাৰা দাবী কৰে ৷ দুই সন্তানৰ ভাত মুঠি যোগাৰ কৰাটো টান হৈ পৰাৰ সময়তে মালিকনীয়ে অহৰহ ভাৰা আদায় দিবলৈ হেঁচা দি আহিছিল ৷ নিশা দুুুই সন্তানৰ সৈতে প্ৰাণৰ মমতাৰ কথা চিন্তা কৰি এই নিশা ঘৰ এৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হ’ল ৷ ' পিছত আৰক্ষীয়ে মহিলা গৰাকীৰ আত্মীয়ক খবৰ দি সন্তানসহ মহিলাগৰাকীক নিশাটো তেওঁলোকৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰে ৷

শেহতীয়া বাতৰি