• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ RPFৰ দ্বাৰা তিনি দিনত ৩১ জন নাবালকক উদ্ধাৰ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ RPFৰ দ্বাৰা তিনি দিনত ৩১ জন নাবালকক উদ্ধাৰ

কাটিহাৰ (পূৱ)ৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে কাটিহাৰ ৰে'ল ষ্টেচনত 'ননহে ফৰিস্তে অভিযান'ৰ অধীনত অনুসন্ধান চলাই থকাৰ সময়ত ভিক্ষা মাগি থকা ২ জন নাবালক ল'ৰাক উদ্ধাৰ কৰে।

কাটিহাৰ (পূৱ)ৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে কাটিহাৰ ৰে'ল ষ্টেচনত 'ননহে ফৰিস্তে অভিযান'ৰ অধীনত অনুসন্ধান চলাই থকাৰ সময়ত ভিক্ষা মাগি থকা ২ জন নাবালক ল'ৰাক উদ্ধাৰ কৰে।

কাটিহাৰ (পূৱ)ৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে কাটিহাৰ ৰে'ল ষ্টেচনত 'ননহে ফৰিস্তে অভিযান'ৰ অধীনত অনুসন্ধান চলাই থকাৰ সময়ত ভিক্ষা মাগি থকা ২ জন নাবালক ল'ৰাক উদ্ধাৰ কৰে।

  • Share this:
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনী চমুকৈ RPFএ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন ষ্টেচনত বিগত ১০ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈকে চলোৱা বিভিন্ন অভিযান আৰু অনুসন্ধানৰ সময়ত ৩১ জন নাবালক ল'ৰা-ছোৱালীক সফলতাৰে উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নাবালকসকলক তেওঁলোকৰ নিজ নিজ পিতৃ-মাতৃ,অভিভাৱক, চাইল্ডলাইন,এনজিঅ'ক তেওঁলোকৰ সুৰক্ষিত জিম্মা আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে গতাই দিয়া হয়। এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে।

প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি কাটিহাৰ ৰে'ল ষ্টেচনত ১৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখে মানৱ সৰবৰাহ, অনুমোদন নথকা ফেৰি সেৱা, ভিক্ষা কৰা আদিৰ বিৰুদ্ধে চলোৱা এক অভিযানত কাটিহাৰ (পূৱ)ৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ৫ জন পলাতক নাবালক ল'ৰাক উদ্ধাৰ কৰে। সেই দিনাই নিউ কোচবিহাৰৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে নিউ কোচবিহাৰ ৰে'ল ষ্টেচনত মানৱ সৰবৰাহৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানৰ সময়ত, তেওঁলোকে এজন নাবালক ল'ৰা উদ্ধাৰ কৰে যিজনক মানসিকভাৱে সুস্থ যেন লগা নাছিল আৰু ঘৰৰ পৰা সন্ধানহীন হৈ আছিল। পুনৰ একেদিনাই ৰঙিয়াৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ কুইক ৰেচপন্স দলে ৰঙিয়া ৰে'ল ষ্টেচনত অনুসন্ধান চলোৱাৰ সময়ত ঘৰৰ পৰা পলাই অহা এজন পলাতক নাবালক ল'ৰাকো উদ্ধাৰ কৰে।

১২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে সম্পন্ন কেইবাটাও অভিযানত ৰে'লৱে সুৰক্ষা বাহিনীয়ে বিভিন্ন ৰে'ল ষ্টেচনৰ পৰা ৫ জন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সেইদিনা কাটিহাৰ (পূৱ)ৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে কাটিহাৰ ৰে'ল ষ্টেচনত 'ননহে ফৰিস্তে অভিযান'ৰ অধীনত অনুসন্ধান চলাই থকাৰ সময়ত ভিক্ষা মাগি থকা ২ জন নাবালক ল'ৰাক উদ্ধাৰ কৰে। গুৱাহাটীৰ ৰে'লৱে চাইল্ড লাইনৰ সদস্যৰ সৈতে যুটীয়াভাৱে গুৱাহাটী ৰে'ল ষ্টেচনত অনুসন্ধান কৰি থকা অৱস্থাত ৰে'লৱে সুৰক্ষা বাহিনীৰ কৰ্মচাৰী আৰু চিআইবিৰ দলে ঘৰৰ পৰা পলাই অহা ২ জন নাবালক ল'ৰাক উদ্ধাৰ কৰে। নিউ জলপাইগুড়ীৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলে নিউ জলপাইগুড়ী ষ্টেচনত অনুসন্ধান চলাই থকা অৱস্থাত ঘৰৰ পৰা পলাই অহা এগৰাকী নাবালিকা ছোৱালীকো উদ্ধাৰ কৰে।

তদুপৰি, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ১০ আৰু ১১ ছেপ্টেম্বৰ, ২০২২ তাৰিখত কাটিহাৰ, আগৰতলা, হাচিমাৰা আৰু ফালাকাটা ষ্টেচনত চলোৱা বিভিন্ন অভিযান আৰু অনুসন্ধানৰ সময়ত ১৯ জন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ষ্টেচনসমূহত নিয়োজিত ৰে'লৱে সুৰক্ষা বাহিনীৰ ৰে'ল পহৰাদাৰী দল আৰু কৰ্মচাৰীসকলক মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহজনক ব্যক্তিৰ লগতে শিশুৰ সন্দেহজনক চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা আদিৰ ক্ষেত্ৰত সতৰ্ক আৰু সংবেদনশীল হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ 'মেৰী চহেলি'ৰ প্ৰয়াসৰ এক নতুন পদক্ষেপ সৃষ্টি কৰা হৈছে আৰু যিকোনো আৱশ্যকতাৰ ক্ষেত্ৰত মহিলা,শিশু যাত্ৰীসকলৰ সুৰক্ষা, নিৰাপত্তাৰ ক্ষেত্ৰত অহৰ্নিশে সেৱা প্ৰদান কৰি আহিছে আৰু হেল্পলাইন নং ১৩৯ ব্যৱহাৰৰ বিষয়ে অৱগত কৰাৰ বাবে ২৪ ঘণ্টাই নিজৰ সেৱা আগবঢ়াই আহিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি