• Home
  • »
  • News
  • »
  • assam
  • »
  • Coal India Limited : দুটা বছৰৰ অন্তত মাৰ্ঘেৰিটাত পুনৰ মুকলি হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড

Coal India Limited : দুটা বছৰৰ অন্তত মাৰ্ঘেৰিটাত পুনৰ মুকলি হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড

এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব।

এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব।

এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব।

  • Share this:
প্ৰায় দুটা বছৰৰ অন্তত মাৰ্ঘেৰিটাত পুনৰ মুকলি হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড। শনিবাৰে মাৰ্ঘেৰিটাৰ বাঁহবাৰীৰ ৰাজীৱ গান্ধী খেলপথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰা মুখ্যমন্ত্ৰী  ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

প্ৰথমে মাৰ্ঘেৰিটাস্থিত ক'ল ইণ্ডিয়াৰ দিহিং গেষ্টহাউছত কিছু সময় অতিবাহিত কৰি  লিডুৰ টিককস্থিত কয়লাক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু উক্ত স্থানতে এখন সভাত অংশগ্ৰহণ কৰে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ ইয়াতে ২০২০ চনৰ পৰা বন্ধ হৈ থকা উত্তৰ-পূব কয়লাক্ষেত্ৰ (কল ইণ্ডিয়া লিমিটেড) পুনৰ আৰম্ভ হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ কয়লা খননৰ পুনৰাম্ভ কাৰ্য মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ কয়লা কোম্পানী ক’ল ইণ্ডিয়া লিমিটেডৰ (CIL) এটা গোট নৰ্থ ইষ্টাৰ্ন ক’লফিল্ডছ (NEC)ত শনিবাৰে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এনইচিৰ টিকক কলিয়াৰীত খননৰ পুনৰাম্ভ কাৰ্যৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকি কয়- "আজি আমি টিকক কলিয়াৰীত খনন কাৰ্য পুনৰ আৰম্ভ কৰিছোঁ আৰু অঞ্চলটোৰ উন্নয়নৰ দিশত ই এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এনইচিৰ কয়লাৰ মান উৎকৃষ্ট আৰু ভাৰতৰ কেইবাটাও ঘৰুৱা উদ্যোগত ইয়াৰ চাহিদা অধিক।"

এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব। এনইচিয়ে ২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ১০ লাখ টন কয়লা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।

"খনিবোৰৰ বৰ্ধিত উৎপাদনে ৰাজ্য চৰকাৰৰ বাবে অধিক ৰাজহ, জনসাধাৰণৰ বাবে অধিক নিযুক্তি আৰু লগতে ক্ষুদ্ৰ ব্যৱসায়িক কাৰ্যকলাপত অৱদান আগবঢ়াব, লগতে শক্তিৰ চাহিদাও পূৰণ কৰিব" - যোশীয়ে  এইদৰে কয়।

উল্লেখ্য, ভাৰতৰ কয়লা উৎপাদনৰ ৮০ শতাংশতকৈও অধিক ক’ল ইণ্ডিয়াই উৎপাদন কৰে। কোম্পানীটোৱে ২৫ মাৰ্চ ২০২২ লৈকে চলিত বিত্তীয় বৰ্ষত ৬০৬.০৬ নিযুত টন কয়লা উৎপাদন কৰিছে। কোম্পানীটোৰ যোৱা বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত কয়লা উৎপাদন ৫% বৃদ্ধি হৈছে। কোম্পানীটোৰ এতিয়ালৈকে কয়লাৰ অফটেক হৈছে ৬৪৯.৬৫ নিযুত টন, যি যোৱা বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত ১৫% বৃদ্ধি হৈছে। এইটো যিকোনো বিত্তীয় বৰ্ষত কোম্পানীটোৰ দ্বাৰা অভিলেখ পৰিমাণৰ কয়লা অফটেক হিচাপে বিবেচিত হৈছে।
Published by:Gautam Barman
First published: