মুখ্যপৃষ্ঠা »খবৰ »অসম »Howly Raas Lottery Result : হাউলী ৰাসৰ উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ ৰূপে অ'ডি এ৪ পালে উত্তৰ গুৱাহাটীৰ লোকে

Howly Raas Lottery Result : হাউলী ৰাসৰ উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ ৰূপে অ'ডি এ৪ পালে উত্তৰ গুৱাহাটীৰ লোকে

বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে উপহাৰ কুপন খেল।

বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে উপহাৰ কুপন খেল।

বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে উপহাৰ কুপন খেল।

  • Share this:
হাউলী ৰাসৰ উপহাৰ কুপন খেলখনত AUDI A4 বাহনখন লাভ কৰিছে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ জনাৰ্দন বড়োৱে। অসম আৰক্ষীত কৰ্মৰত জনাৰ্দন বড়োৱে ৩৩১২৮৫ নম্বৰ উপহাৰ কুপনখনৰ বাবে এই লাভ কৰে এই বিলাসী বাহন। অডিখনৰ মূল্য ৪৫ লাখ টকা।

প্ৰথমবাৰৰ বাবে হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ কুপন ক্ৰয় কৰিছিল বড়োৱে। তেওঁ এটা বহী ক্ৰয় কৰিছিল। বড়োৱে খেলখন ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব বুলি ভাবি আছিল। পিছত ২১ নৱেম্বৰতে হোৱা বুলি জানি তেওঁ বিচাৰে নম্বৰ। আৰু তেওঁ আজি প্ৰায় ১২ বজাত জানিব পাৰে যে উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ বিজয়ী তেওঁ। বড়োৱে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে এয়া তেওঁৰ বাবে এই মুহূৰ্তলৈ এটা সপোন যেন লাগি আছে।

আন পুৰস্কাৰসমূহৰ বিজয়ীসকলৰ বিষয়ে জানিব পৰা নাই যদিও এগৰাকী বিজেতাৰ পৰিচয় লাভ কৰা হৈছে ৷ হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ নৱম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা যুৱকজন বজালী জিলাৰ ভৱানীপুৰৰ শান্তিপুৰৰ জয়ন্ত বৈশ্য ৷
জয়ন্ত বৈশ্যই নৱম পুৰস্কাৰ হিচাপে লাভ কৰিছে TATA ALTROZ বাহন এখন ৷

জয়ন্ত বৈশ্য নামৰ যুৱকজনে হাউলী ৰাস মহোৎসৱৰ ২০১৯ চনৰ খেলখনৰ চতুৰ্থটো পুৰস্কাৰ লাভ কৰিছিল ৷ ২০১৯ চনত চতুৰ্থ পুৰস্কাৰ লাভ কৰা যুৱকজনে সেইবাৰ গাড়ীখন বিক্ৰী কৰি জোতাৰ দোকান এখন আৰম্ভ কৰি এতিয়া স্ব-নিৰ্ভৰশীল হৈ পৰিছে ৷
উল্লেখ্য, বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে উপহাৰ কুপন খেল।

শেহতীয়া বাতৰি