উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ জালত জি এন আৰ চিৰ এগৰাকী মহিলা চিকিৎসকসহ দুগৰাকী নাৰ্ছ।
এখন ছুইচাইড নোটৰ ভিত্তিত আটক কৰা হৈছে তেওঁলোকক। উত্তৰ গুৱাহাটী জি এন আৰ চি চিকিৎসালয়ত বৃহস্পতিবাৰে সন্ধিয়া উদ্ধাৰ হৈছিল এগৰাকী মহিলা স্বাস্থ্যকৰ্মীৰ মৃতদেহ।
স্বাস্থ্যকৰ্মী গৰাকীৰ নাম অনিমা ডেকা। আই চি ইউ তত্ত্বাৱধায়ক হিচাপে কৰ্মৰত আছিল মহিলাগৰাকী। ৫১ বছৰীয়া মহিলাগৰাকীৰ ঘৰ মিৰ্জাত।
মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা মানসিক অশান্তি দিয়াৰ অভিযোগ আছে ছুইচাইড
নোটত। মহিলাগৰাকীৰ বিষক্ৰিয়া হৈ মৃত্যু ঘটাৰ সন্দেহ আৰক্ষীৰ।আৰিফা নামৰ আন এগৰাকী চিকিৎসকৰ নামো সাঙোৰ খাইছে ছুইচাইড নোটত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|