• Home
  • »
  • News
  • »
  • assam
  • »
  • দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন ! উত্তৰ গুৱাহাটীত ত্ৰিশখন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি ...

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন ! উত্তৰ গুৱাহাটীত ত্ৰিশখন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি ...

শাক্ত ধৰ্মালম্বী লোকৰ প্ৰাণৰ উৎসৱ তথা আৰাধ্যা দেৱী দুৰ্গাৰ আগমণকলৈ এতিয়া উখল মাখল পৰিৱেশ ৰাজ্যত । পূজাকলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত  উত্তৰ  গুৱাহাটী আৰু আমিনগাঁৱতো  উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে ।

  • Share this:

কোভিড মহামাৰীৰ বাবে বিগত দুটা বৰ্ষত উৎসৱ পূজা পাৰ্বনৰ পৰিবেশ ম্লান হৈ পৰাৰ পাছত এইবেলি দুগুন উৎসাহেৰে দেৱী দুৰ্গাক আবাহনৰ প্ৰস্তুতি চলিছে ।  এইবেলি আমিন গাঁৱত ১৫খন পূজা মণ্ডপ আৰু উত্তৰ গুৱাহাটীটো ১৫খন পূজা মণ্ডপ পূজাৰ বাবে সাজু হৈছে । উত্তৰ গুৱাহাটী ৰজাদূৱাৰৰ ন গোঁসাই পৰিয়ালৰ পূজা ভাগেই সৰ্ব প্ৰথম দুৰ্গা পূজা বুলি কোৱা হয় । প্ৰায় শতিকা গৰকা ব্যক্তিগত দুৰ্গা পূজা আজিও গোঁসাই পৰিয়ালে কৰি আহিছে । পিছলৈ ৰংমহলতো ৰাজহুৱা দুৰ্গা পূজা কৰিবলৈ লয়। ইয়াৰ পিছত ১৯৪৭ চনত গড়মুৰ সত্ৰ পিছলৈ মধ্যম খণ্ডখণ্ড স্থায়ী মন্দিৰতউত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাজা সমিতিয়ে পূজা অনুষ্ঠিত কৰি আহিছে । মধ্যমখণ্ড পূজা মণ্ডপ উত্তৰ গুৱাহাটীৰ ভিতৰতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । বিজয়া দশমীৰ আতচবাজীৰ মায়াময় পৰিবেশ আন এক আকৰ্ষণ । স্থায়ী প্ৰতিমা ৰাৱন দাহন পৰ্বই  হেজাৰ হেজাৰ লোকৰ সমাবেশ  ঘটাই আহিছে মধ্যমখণ্ডত । এইবেলি ৰাৱণ দাহৰ বাবে স্থায়ী ৰাৱন মুৰ্তিৰ আৰ্হি  প্ৰস্তুত কৰিবলৈ লৈছে । প্ৰায় ৮০ ফুট উচ্চতাৰ ৰাৱণ প্ৰতিমুত্তিৰ নিৰ্মাণৰ  বাবে ইতিমধ্যে কাম আগবাঢ়িছে । ৰাৱণ দাহনৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠান। মহা  আয়োজন কৰিছে । উত্তৰ গুৱাহাটী লেঙা আঞ্চলিক দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি চলিছে ।  ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠান ,ওজাপালি ,নাগাৰা নাম ধৰ্মীয় পৰম্পৰা লোকাচাৰেৰে পূজাভাগ অনুষ্ঠিত হ'ব ।  আমিনগাঁও আই চি ডিৰ দুৰ্গা পূজা মণ্ডপ অঞ্চলটিৰ ভিতৰতে আকৰ্ষণীয় হৈ আহিছে । অযোধ্যাৰ ৰাম মন্দিৰৰ হুবহু আৰ্হিৰে মণ্ডপ সাজি মহানগৰীৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰা আই চি ডি মহা মিলন ক্লাবে এইবেলি দেৰ লাখ টকা ব্যয়ৰে তামিল নাডুৰ এটি শিৱ মন্দিৰৰ আৰ্হি প্ৰস্তত কৰিছে । মহা মিলন  পৰিচালনাৰ বাবে ভাস্কৰ বৰ্মণক সম্পাদক আৰু বিষ্ণু সোনাৰক সভাপতি নিৰ্বাচিত কৰা হৈছে । উত্তৰ গুৱাহাটীৰ উল্লেখনীয় পূজা মণ্ডপৰ ভিতৰত ৰংমহল পূজা মণ্ডপ,বেটালিয়ন কেম্প,মণিকৰ্নেশ্বৰ,শিল সাঁকো । কলেজ চ'ক গৌৰীপুৰ , মাজগাঁও ,ঘোৰামাৰা , ফেকাল্টি গেট । আমিন গাঁৱৰ ইষ্ট কলনী,শ্ৰীনাথ পট্টি , মধ্যমবস্তি, এছ পি অফিচ, এপিডিচি এল অফিচ ,কালীবাৰী ,মৰিয়াপট্টিত দুৰ্গা পূজা সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশত উদযাপিত হয় ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি