মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণাতংক! উত্তৰ গুৱাহাটীৰ ৰহঢলা অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা

কোৰোণাতংক! উত্তৰ গুৱাহাটীৰ ৰহঢলা অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা

News18 Assam | News18-Assam
Updated:May 20, 2020, 2:53 PM IST
কোৰোণাতংক! উত্তৰ গুৱাহাটীৰ ৰহঢলা অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা
উত্তৰ গুৱাহাটীত প্ৰথমজন কোৰোণা আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতেই আতংকিত উত্তৰ গুৱাহাটীবাসী

উত্তৰ গুৱাহাটীত প্ৰথমজন কোৰোণা আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতেই আতংকিত উত্তৰ গুৱাহাটীবাসী

  • Share this:
ৰাজ্যত অব্যাহত আছে কোৰোণা ভাইৰাছৰ সংহাৰ। দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। উত্তৰ গুৱাহাটীত প্ৰথমজন কোৰোণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতেই এতিয়া আতংকই বিৰাজ কৰিছে সমগ্ৰ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীৰ ৰহঢলা অঞ্চলটো এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।উত্তৰ গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথো বন্ধ দিয়া হৈছে।

ইফালে কোৰোণাত আক্ৰান্ত হোৱা পূজা সিঙৰ ১৪ জনীয়া পৰিয়ালৰ প্ৰতিজনৰ ‘স্বোৱাব’ টেষ্ট লৈছে স্বাস্থ্য বিভাগে। পূজা সিঙৰ সংস্পৰ্শলৈ অহা লোক সকলক পৰীক্ষাৰ বাবে লাইন লিষ্টং কৰি আছে স্বাস্থ্য বিভাগে।

উল্লেখযোগ্য যে, কোৰোণাত আক্ৰান্ত পূজা সিঙ আছিল উত্তৰ গুৱাহাটীৰ শিৱসাই কোম্পানীৰ আবাসী। ইতিমধ্যে জিলা প্ৰশাসনে ছিল কৰি দিছে শিৱসাই কোম্পানী চৌহদ।  চাৰি দিন পূৰ্বে চাৰজনীয়া পৰিয়ালসহ বেংগালুৰুৰ পৰা আহি হোম কোৱাৰেণ্টাইনত আছিল ২২ বছৰীয়া পূজা সিং। পিতৃৰ চিকিৎসাৰ বাবে বেংলুৰুলৈ গৈছিল পৰিয়ালটোৰ পাঁচজন সদস্য।
First published: May 20, 2020, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি