কোভিড মহাব্যাধিয়ে মানুহৰ জীৱন–জীৱিকালৈ সংকট নমাই আনিছে। থানবান হৈছে বহু লোকৰ সপোন। কোৰোণা আকৌ আন কাৰোবাৰ বাবে এন্ধাৰ পথৰ নৈক্ষত্ৰ হৈছে। সিদিনালৈ উপাৰ্জনৰ কোনো পথ নেদেখা কুশল দাস আজি নিজ বুদ্ধিমত্তা, কৰ্তব্যনিষ্ঠা আৰু একাগ্ৰতাৰ বাবে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কাঠফুলা খেতিৰে মাহিলি ৩০ হাজাৰ টকা উপাৰ্জনেৰে বহু নিবনুৱা যুবকৰ আদৰ্শ হৈ পৰিছে কুশল দাস।
উত্তৰ গুৱাহাটী ফুলুঙৰ নিজ গৃহত পাঁচ হাজাৰ টকাৰে আৰম্ভ কৰা জয়গুৰু মাছৰুম ফাৰ্ম আজি বৃহৎ উপাৰ্জনৰ আহিলালৈ ৰূপান্তৰিত হৈছে। চৰকাৰী প্ৰশিক্ষণ লৈ কুশল দাসে মাছৰুম ফাৰ্ম খুলি বহু নিবনুৱা যুবকক দিছে বিনামুলীয়া প্ৰশিক্ষণ। দৈনিক কাঠফুলা ছিঙি ঘৰে ঘৰে বিক্ৰী কৰি লাভবান হৈছে কুশল দাস।
শৰীৰৰ বাবে মূল্যবান ভিটামিনৰ উপৰিও ৰোগ প্ৰতিৰোধৰ বিশেষ ক্ষমতা থকা কাঠফুলাৰ চাহিদা বৃদ্ধি হৈ আহিছে। আত্ম নিৰ্ভৰশীলতাত বিশ্বাসী উত্তৰ গুৱাহাটীৰ কুশল দাস হ’ব পাৰে বহু নিবনুৱাৰ পথ পদৰ্শক।
কুশলৰ আহ্বান, কোম্পানীত বাৰঘণ্টা কাম কৰি আঠ হাজাৰ টকা লোৱাতকৈ সামান্য পৰিশ্ৰমেৰে মাহিলী বহু ধন উপাৰ্জন কৰিব পাৰি। আৰু কাঠ ফুলাৰ বজাৰখন হেনো নিজ চুবুৰীতেই আছে। পিছে কুশল দাসে এতিয়ালৈ লাভ কৰা নাই কোনো চৰকাৰী সা–সুবিধা। কুশলে ফাৰ্মখন ডাঙৰকৈ কৰি প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলাৰ মন মেলিছে। যাতে, গাঁৱৰ যুৱকসকলক প্ৰশিক্ষণৰ জৰিয়তে কৰ্মমুখী কৰি গঢ়ি তুলিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|