চেম্পিয়নশ্বিপৰ পিছতে গঠন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দল
চেম্পিয়নশ্বিপৰ পিছতে গঠন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দল
বিপুল বৰ্মন: গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ শ্বুটিং ৰেঞ্জত পূৰ্ণগতিত চলি আছে সপ্তম নৰ্থ ইষ্ট শ্বুটিং চেম্পিয়নশ্বিপ, ২০১৯। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰিও ছাৰ্ভিচেজ দলৰ খেলুৱৈয়েও অংশ লৈছে প্ৰতিযোগিতাখনত। ৰাইফল আৰু পিষ্টল দুয়োটা ইভেন্টৰ কেবাটাও শাখাত চলি আছে পূৰ্বোত্তৰৰ সম্মানীয় শ্বুটিং চেম্পিয়নশ্বিপখন।
নৰ্থ ইষ্ট শ্বুটিং চেম্পিয়নশ্বিপৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দলটোও গঠন কৰিব। আয়োজক সকলে জনোৱা মতে অসমৰ সফল আন্ত:ৰাষ্ট্ৰীয় শ্বুটাৰ হৃদয় হাজৰিকাক সম্প্ৰতি জাতীয় দলৰ প্ৰস্তুতি শিৱিৰত আছে। হৃদয়ক লৈ আশাবাদী অসম ৰাইফল শ্বুটিং সন্থা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|