உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোমবাৰৰ পৰা পেট্ৰ'ল পাম্পত উপলব্ধ নহ'বও পাৰে পেট্ৰ'ল! পিছে কিয়? 

    সোমবাৰৰ পৰা পেট্ৰ'ল পাম্পত উপলব্ধ নহ'বও পাৰে পেট্ৰ'ল! পিছে কিয়? 

    ইথানল মিহলি পেট্ৰ'ল ল'বলৈ অস্বীকাৰ পেট্ৰ'ল ডিপোসমূহৰ । এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ পেট্ৰল ডিলাৰ এছচিয়েশ্যনে।

    ইথানল মিহলি পেট্ৰ'ল ল'বলৈ অস্বীকাৰ পেট্ৰ'ল ডিপোসমূহৰ । এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ পেট্ৰল ডিলাৰ এছচিয়েশ্যনে।

    ইথানল মিহলি পেট্ৰ'ল ল'বলৈ অস্বীকাৰ পেট্ৰ'ল ডিপোসমূহৰ । এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ পেট্ৰল ডিলাৰ এছচিয়েশ্যনে।

    • Share this:
    সোমবাৰৰ পৰা পেট্ৰ'ল পাম্পত গ'লে আপুনি নাপাবও পাৰে পেট্ৰ'ল । ইথানল মিহলি পেট্ৰ'ল ল'বলৈ অস্বীকাৰ পেট্ৰ'ল ডিপোসমূহৰ । এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ পেট্ৰল ডিলাৰ এছচিয়েশ্যনে।

    সংবাদমেল সম্বোধন কৰি সংস্থাৰ বিষয়ববীয়াই কয় যে,  অইল কোম্পানীৰ পৰা লাভ কৰা এছএমএছ অনুসৰি, যদি টেংকত বা অন্য কিবা কাৰণত ইথানল মিহলি পেট্ৰ'লত যদি পানী মিহলি হয়, তেন্তে গোটেই ইথানল খিনিক পানীলৈ ৰূপান্তৰিত কৰিব। পেট্ৰ'লৰ টেংকীত পানী থাকে। কাৰণ, পেট্ৰলৰ টেংক বিলাক মাইল্ড ষ্টীলৰ। কেতিয়াবা ই ঘামি যায়। গতিকে টেংকৰ কিছু পৰিমাণে পানী ৰখা হয়। কিন্তু ই পেট্ৰ'লত মিহলি হৈ নাযায়। কিন্তু এতিয়া ১২,০০০ পেট্ৰ'ল ল'লে,তাত যদি ১০ শতাংশ ইথানল দিয়া হয়, আৰু পানী ১০০-১৫০ লিটাৰ থাকেই, এই পানীৰ লগতে কেনেবাকৈ ইথানল মিহলি হ'লে, পেট্ৰলৰ গুণাগুণ হ্ৰাস পাব। সেই কথা অইলৰ কোম্পানীয়ে আমাক জনাইছে। কিন্তু এই দায়িত্ব আমি ল'ব খোজা নাই। কাৰণ গ্ৰাহকে আমাক প্ৰশ্ন কৰিব।'

    ফলত অইল কোম্পানীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, সোমবাৰৰ পৰা ডিপো খোলা থাকিব। ডিজেলো উপলব্ধ হৈ থাকিব। কিন্তু কেৱল পেট্ৰ'লহে তেওঁলোকে গ্ৰহণ কৰিব। ইথানল মিহলি পেট্ৰ'ল কোনো কাৰণতে নলয়।
    Published by:Himangshu Bhuyan
    First published: