
NRC প্ৰকাশৰ পিছত ৰাজ্যৰ শান্তি শৃংখলা বিঘ্নিত হ’লে দায়ী হ’ব ৰাজ্য চৰকাৰ
NRC প্ৰকাশৰ পিছত ৰাজ্যৰ শান্তি শৃংখলা বিঘ্নিত হ’লে দায়ী হ’ব ৰাজ্য চৰকাৰ
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা। কিন্তু অসমীয়া খিলঞ্জীয়াৰ দোপোন স্বৰূপ বুলি অভিহিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ প্ৰাক মুহূৰ্তত হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী জনালে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই।
সংগঠনটোৱে কয় যে, ‘শিলাদিত্য দেৱে সংখ্যালঘুৰ বিৰুদ্ধে দিছে উচতনিমূলক মন্তব্য,
যিয়ে হিন্দু–মুছলমানৰ মাজত শান্তি বিঘ্নিত কৰিব! সেইদৰে শিলাদিত্যৰ মন্তব্যই ৰাজ্যৰ শান্তি শৃংখলাতো আউল লগাব পাৰে ! গতিকে NRC প্ৰকাশৰ পূৰ্বে শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা ৰাজ্যৰ পৰিস্থিতি বেয়া হ’লে দায়ী হ’ব চৰকাৰ।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|