উত্তৰ-পূৰ্বৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্য সোমবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত মিলিত হ'ল উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকল ৷ প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধি সকলে নিজ নিজ ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনকলৈ বিষদভাৱে আলোচনা কৰে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত ৷
কোভিডৰ সময়ত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা লোকচান কেনেদৰে পূৰাব পাৰি তাৰ বিষদ আলোচনা কৰা হয় সন্মিলনত ৷ একেদৰে এই দুদিনীয়াকৈ আয়োজন কৰা সন্মিলনৰ প্ৰথম দিনটোতে ৰে'লৱে আৰু পৰ্যটন বিভাগৰ মাজত কৰা হয় এক MOU স্বাক্ষৰ৷
ৰে'ল সেৱাৰে পৰ্যটন ক্ষেত্ৰক সংলগ্ন কৰাৰ বাবে এই MOU স্বাক্ষৰ কৰা বুলি মন্তব্য আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আশা কৰা হৈছে এই সন্মিলনে উত্তৰ পূৰ্বৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেএখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াব ৷