• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট হাফ মাৰাথনৰ আয়োজন, প্ৰায় ৩০০০ দৌৰবিদে কৰিব অংশগ্ৰহণ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট হাফ মাৰাথনৰ আয়োজন, প্ৰায় ৩০০০ দৌৰবিদে কৰিব অংশগ্ৰহণ

ট্ৰফী, মেডেল আৰু প্ৰমাণপত্ৰৰ উপৰিও বিজয়ীসকলক ১১ লাখ টকা মূল্যৰ ধন ৰাশিৰে পুৰস্কৃত কৰা হ'ব

ট্ৰফী, মেডেল আৰু প্ৰমাণপত্ৰৰ উপৰিও বিজয়ীসকলক ১১ লাখ টকা মূল্যৰ ধন ৰাশিৰে পুৰস্কৃত কৰা হ'ব

ট্ৰফী, মেডেল আৰু প্ৰমাণপত্ৰৰ উপৰিও বিজয়ীসকলক ১১ লাখ টকা মূল্যৰ ধন ৰাশিৰে পুৰস্কৃত কৰা হ'ব

  • Share this:
ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সামগ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট হাফ মাৰাথন অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠান আগন্তুক ৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে গুৱাহাটীৰ মালিগাঁৱত অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে বিগত ২৫ নৱেম্বৰ ২০২২ তাৰিখে মালিগাঁওৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সন্থাৰ (এনএফআৰএছএ) ইনডৰ ষ্টেডিয়ামত এখন প্ৰাক উদ্বোধনী সংবাদমেল অনুষ্ঠিত হয়। এনেধৰণৰ সৰ্বপ্ৰথম নৰ্থ ইষ্ট হাফ মাৰাথনৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইনোভেছনছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে যুটিয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিব। উত্তৰ পূৰ্ব্বাঞ্চলৰ খেলুৱৈসকলৰ সৱলীকৰণ আৰু ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যেৰে এই হাফ মাৰাথান আয়োজন কৰা হ’ব বুলি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মূখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জনায় ।

সংবাদমেলত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাৰ লগতে এনএফআৰএছএৰ সভাপতি ৰাজীৱ মহাজনে এই অনুষ্ঠানটোৰ বিষয়ে এক অৱলোকন দাঙি ধৰে। অনুষ্ঠানটোৰ কিউৰেটৰ কেপ্টেইন ৰাহুল বালিয়ে মাৰাথন, পুৰস্কাৰৰ ধন আৰু পুৰস্কৃত কৰিবলগীয়া ট্ৰফীৰ বিষয়ে অৱগত কৰে।

এই সংবাদমেলত ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপ ৰনাল্ডো সিং আৰু ৰোজিত সিং, বক্সিঙত দ্ৰোণাচাৰ্য বঁটা বিজয়ী সাগৰমল ধায়াল, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰী আৰু আন্তঃৰাষ্ট্ৰীয় মাৰাথন দৌৰবিদ আব্দুল বাৰেকো উপস্থিত থাকে। দ্ৰোণাচাৰ্য আৰু অৰ্জুন বঁটা প্ৰাপক মোঃ আলী কামৰ, 'এ' শ্ৰেণীৰ ভাৰতীয় প্ৰাক্তন ক্ৰিকেট খেলুৱৈ জাভেদ জামান আৰু ৰে'লৱে ক্ৰীড়া উন্নয়ন ব'ৰ্ডৰ ক্ৰীড়া সমন্বয়ক সুধীৰ হুডাও উপস্থিত থাকে।

নৰ্থ ইষ্ট হাফ মাৰাথন হ'ব উত্তৰ-পূব ভাৰতৰ খেলুৱৈসকলক সমৃদ্ধকৰণ আৰু ক্ৰীড়া গতিবিধি বিকাশৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ-পূব ভাৰতত অনুষ্ঠিত হ'বলগীয়া এক ধাৰাবাহিক মাৰাথন। পৰিকল্পিত শৃংখলাৰ এই চিৰিজটোৰ প্ৰথম খন মাৰাথন দেওবাৰ অৰ্থাৎ ৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মালিগাঁৱত অনুষ্ঠিত হ'ব আৰু সমগ্ৰ ভাৰতৰ লগতে বিদেশৰ পৰাও প্ৰায় ৩০০০ দৌৰবিদে এই দৌৰত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ট্ৰফী, মেডেল আৰু প্ৰমাণপত্ৰৰ উপৰিও বিজয়ীসকলক ১১ লাখ টকা মূল্যৰ ধন ৰাশিৰে পুৰস্কৃত কৰা হ'ব।
প্ৰত্যাশিত অংশগ্ৰহণকাৰীসকলে এই হাফ মাৰাথনৰ বাবে অনলাইন আৰু অফলাইন দুয়োটা দিশতে পঞ্জীয়ন কৰিব পাৰিব। উত্তৰ-পূব ভাৰতৰ হাফ মাৰাথনে উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যকে এটা সত্ত্বা হিচাপে উজ্জ্বল কৰাৰ লগতে নিশ্চিতভাৱে ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা দিশত আলোকিত কৰিব।

সংবাদমেলত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই কয় যে উত্তৰ পূব সীমান্ত ৰে'লৱেই ৰেল যোগাযোগৰ উপৰিও খেলুৱৈসকলৰ সমৃদ্ধকৰণ আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ উন্নয়নৰ প্ৰচেষ্টাত প্ৰতীজ্ঞাবদ্ধ আৰু উত্তৰ পূৰ্ব্বাঞ্চল হাফ মাৰাথন সেই দিশত এনেধৰণৰ এক পদক্ষেপ। ৰে’ল যোগাযোগ আৰু পৰ্যটনৰ উন্নতিৰ উপৰিও, উত্তৰ–পূব সীমান্ত ৰে'লৱেই অধিকাৰ ক্ষেত্ৰৰ ভিতৰত বিভিন্ন ঠাইত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰি আছে। এই ইভেন্টৰ কিউৰেটৰ কেপ্টেইন ৰাহুল বালিয়ে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ এই বিকাশৰ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে আৰু এই সন্মানীয় ইভেন্টৰ কিউৰেটৰ হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহনা যোগোৱাত সন্মানিত অনুভৱ কৰে।

এই হাফ মাৰাথন সম্পৰ্কীয় বিস্তৃত তথ্য উত্তৰ–পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ চ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা হ'ব। অনলাইন পঞ্জীয়নৰ বাবে শীঘ্ৰেই উত্তৰ-পূৰ্ব্বাঞ্চল হাফ মাৰাথন সম্পৰ্কীয় এটা ৱেবছাইটো মুকলি কৰা হ'ব বুলিও জানিব পৰা গৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি