• Home
  • »
  • News
  • »
  • assam
  • »
  • Kisan Rail Service : কৃষকৰ উপাৰ্জন বৃদ্ধিৰ অৰ্থে NFRৰ কিষাণ ৰে'লৰ চলাচল অব্যাহত, থলুৱা কৃষকলৈ পৰিবহণ শুল্কৰ ৫০ শতাংশলৈ ৰেহাই

Kisan Rail Service : কৃষকৰ উপাৰ্জন বৃদ্ধিৰ অৰ্থে NFRৰ কিষাণ ৰে'লৰ চলাচল অব্যাহত, থলুৱা কৃষকলৈ পৰিবহণ শুল্কৰ ৫০ শতাংশলৈ ৰেহাই

কিষাণ ৰে'ল সেৱা সম্পৰ্কীয় বিতং তথ্যৰ বাবে ডিভিজন পৰ্যায়ৰ অথবা মুখ্য কাৰ্যালয় পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

কিষাণ ৰে'ল সেৱা সম্পৰ্কীয় বিতং তথ্যৰ বাবে ডিভিজন পৰ্যায়ৰ অথবা মুখ্য কাৰ্যালয় পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

কিষাণ ৰে'ল সেৱা সম্পৰ্কীয় বিতং তথ্যৰ বাবে ডিভিজন পৰ্যায়ৰ অথবা মুখ্য কাৰ্যালয় পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

  • Share this:

উত্তৰ-পূব ৰে'লৱেই অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ধাৰাবাহিকতা আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ প্ৰেৰণ কৰাত সহায় কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ কিষাণ ৰে'লৰ (Kisan Rail Service) চলাচল অব্যাহত ৰাখিছে।


উত্তৰ-পূব ৰে'লৱেই (Northeast Frontier Railway) চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈ আলু পৰিবহণৰ বাবে পশ্চিম বংগৰ ধূপগুৰি, ফালাকাটা আৰু জলপাইগুৰিৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ আৰু অসমৰ ভাঙ্গালৈ পোন্ধৰখন কিষাণ ৰে'লৰ চলাচল কৰাইছে।


যোৱা বছৰৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ৪০খন কিষাণ ৰে'লৰ পৰিচালনেৰে ১২,৫০০ টনতকৈ অধিক সামগ্ৰীৰ প্ৰেৰণ কৰা হৈছে। আনহাতে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ ১৫ খন কিষাণ ৰে'ল পৰিচালনেৰে ৬, ৫০০ টনতকৈ অধিক সামগ্ৰী প্ৰেৰণ কৰা হৈছে।


কিষাণ ৰে'লেৰে সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত কৃষকসকলক লাভৰ পৰিমাণ বৃদ্ধিৰ বাবে ফলমূল আৰু শাক-পাচলি কঢ়িওৱাৰ ক্ষেত্ৰত থলুৱা কৃষকলৈ পৰিবহণ শুল্কৰ ৫০ শতাংশলৈ ৰেহাই দিয়া হৈছে।


কিষাণ ৰে'লে সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ বজাৰলৈ পচনশীল সামগ্ৰী, কৃষিজাত সামগ্ৰী যেনে ফল-মূল আৰু শাক-পাচলি পৰিবহণত সহায় কৰি আহিছে। ইয়াৰ ফলত কৃষক, উৎপাদকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে অধিক মূল্য পাবলৈ সক্ষম হৈছে।


বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আগৰতলা, ডিমাপুৰ, চাংসাৰি, নিউ গুৱাহাটী, যোৰহাট টাউন, আজাৰা, তিনিচুকীয়া আৰু ভাঙ্গাৰ দৰে গন্তব্যস্থানসমূহ কিষাণ ৰে'লৰ সেৱাৰ দ্বাৰা সামৰি লোৱা হৈছে। কিষাণ ৰে'ল সেৱা সম্পৰ্কীয় বিতং তথ্যৰ বাবে ডিভিজন পৰ্যায়ৰ অথবা মুখ্য কাৰ্যালয় পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

Published by:Gautam Barman
First published: