Railway Recruitment 2021: উত্তৰ পূব সীমান্ত ৰে'লৱেত খালী হৈছে মেডিকেল বিভাগৰ কেইবাটাও পদ। কেনেকৈ, কেতিয়া আবেদন কৰিব সবিশেষ জানি লওক

News18 Assam | News18-Assam
Updated:May 6, 2021, 5:53 PM IST
Railway Recruitment 2021: উত্তৰ পূব সীমান্ত ৰে'লৱেত খালী হৈছে মেডিকেল বিভাগৰ কেইবাটাও পদ। কেনেকৈ, কেতিয়া আবেদন কৰিব সবিশেষ জানি লওক
উত্তৰ-পূব সীমান্ত ৰে'লৱেই চকু বিশেষজ্ঞ আৰু সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া (জিডিএমঅ') পদত নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। প্ৰাৰ্থীসকলে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ  nfr.indianrailways.gov.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে।

  • Share this:
উত্তৰ-পূব সীমান্ত ৰে'লৱেই চকু বিশেষজ্ঞ আৰু সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া (জিডিএমঅ') পদত নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। এই পদসমূহৰ আকাংক্ষিত প্ৰাৰ্থীসকলে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ nfr.indianrailways.gov.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। জাৰী কৰা জাননী অনুসৰি, বিভিন্ন খালী পদৰ মুঠ ১১ টা খালী পদ পূৰণ কৰা হ'ব।

আবেদনৰ আগতে নটিফিকেচন পঢ়ক

এই পদসমূহৰ আকাংক্ষিত প্ৰাৰ্থীসকলে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা জাৰি কৰা আনুষ্ঠানিক নটিফিকেচন পঢ়াৰ পিছতহে আবেদন কৰিব লাগে। নিয়ম অনুসৰি কৰা আবেদনকেৱল বৈধ হ'ব। যদি আপুনি ত্ৰুটি বা খালী ঠাই এৰে তেন্তে অনলাইন আবেদন বাতিল কৰা হ'ব পাৰে।

এই পদসমূহত নিযুক্তি
চিকিৎসা বিষয়া- 10 টা পদ

চকু বিশেষজ্ঞ- 1 টা পদ

শিক্ষাগত অৰ্হতা

চকু বিশেষজ্ঞৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীজনৰ যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী ৰ সৈতে প্ৰাসঙ্গিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

প্ৰাৰ্থীজনৰ সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়াৰ পদৰ বাবে এমবিবিএছ ডিগ্ৰী থাকিব লাগিব।

বয়সৰ সীমা

এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সৰ্বাধিক বয়স ৫৩ বছৰতকৈ বেছি হ'ব নালাগে। অৱসৰপ্ৰাপ্ত চিকিৎসকসকলেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। তেওঁলোকৰ বয়স ৬৭ বছৰতকৈ বেছি হ'ব নালাগে।

নিৰ্বাচন প্ৰক্ৰিয়া

এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলক সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ আধাৰত বাছনি কৰা হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি সম্পৰ্কীয় অধিক তথ্যৰ বাবে জাৰী কৰা আনুষ্ঠানিক নটিফিকেচন চাব পাৰে।

গুৰুত্বপূৰ্ণ তাৰিখসমূহ

অনলাইন আবেদনৰ অন্তিম তাৰিখ – 10 মে 2021

অফিচিয়েল ৱেবছাইট - nfr.indianrailways.gov.in
Published by: Kokil Sarma
First published: May 6, 2021, 5:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি