মুখ্যপৃষ্ঠা » খবৰ

» অসম

»N F Railway: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যৰ অৱসৰ গ্ৰহণ

N F Railway: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যৰ অৱসৰ গ্ৰহণ

News18 Assam | News18-Assam
Updated:July 30, 2021, 10:01 PM IST
N F Railway: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যৰ অৱসৰ গ্ৰহণ
১৯৮৫ চনত ভাৰতীয় ৰে'ল বিভাগত নিযুক্তি লাভ কৰিছিল নৃপেন ভট্টাচাৰ্যই।

১৯৮৫ চনত ভাৰতীয় ৰে'ল বিভাগত নিযুক্তি লাভ কৰিছিল নৃপেন ভট্টাচাৰ্যই।

  • Share this:


উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই আজি অৱসৰ গ্ৰহণ কৰে। বিষয়াগৰাকীৰ চাকৰি জীৱনৰ অন্তিমটো দিনত আজি বিভাগীয় কৰ্তৃপক্ষই মালিগাঁওস্থিত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত এক বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।


উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে ৰে'ল বিভাগৰ তৰফৰ পৰা বিষয়াগৰাকীলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদায় অনুষ্ঠানটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক অঞ্চুল গুপ্তা, মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দ, মালিগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলৰ লগতে বহুকেইটা বিজ্ঞাপন এজেন্সীকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান উপস্থিত থাকে।



বিদায় সম্বৰ্ধনা অনুষ্ঠানটোত অংশ লৈ সকলোৱে উত্তৰ-পূব সীমান্ত ৰে'লৱে তথা সমাজ জীৱনলৈ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।


উল্লেখ্য যে ১৯৮৫ চনত ভাৰতীয় ৰে'ল বিভাগত নিযুক্তি লাভ কৰিছিল নৃপেন ভট্টাচাৰ্যই। পৰৱৰ্তী সময়ত ২০০২ চনত তেওঁ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণৰ দিনাৰ পৰাই বিষয়াগৰাকীয়ে অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছিল।


জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰাৰ সময়ছোৱাত নৃপেন ভট্টাচাৰ্যই সংবাদকৰ্মীসকলৰ সৈতে এক সু-সম্পৰ্ক বজাই ৰাখিছিল। আজি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিষয়াগৰাকীক উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কৰ্মচাৰীসকলে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে।

Published by: Gautam Barman
First published: July 30, 2021, 10:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি