দ্বিতীয় বিবাহেৰে স্বামীৰ প্ৰতাৰণা, শাহু–শহুৰে গাত কেৰাচিন ঢালি লগালে জুই, নুনমাটিৰ দুৰ্ভগীয়া তৰালী কলিতাক লাগে ন্যায়

News18-Assam
Updated:October 11, 2019, 5:45 PM IST
দ্বিতীয় বিবাহেৰে স্বামীৰ প্ৰতাৰণা, শাহু–শহুৰে গাত কেৰাচিন ঢালি লগালে জুই, নুনমাটিৰ দুৰ্ভগীয়া তৰালী কলিতাক লাগে ন্যায়
News18-Assam
Updated: October 11, 2019, 5:45 PM IST
এগৰাকী বোৱাৰীক কেৰাচিন তেল ঢালি জুই লগাই শহুৰ শাহুয়ে হত্যাৰ অপচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই কাণ্ড সংঘটিত হয় গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ভৱানীপুৰৰ গণেশপুৰত।  ইতিমধ্যে নুনমাটি আৰক্ষীয়ে শহুৰ আৰু শাহুক আটক কৰিছে। উল্লেখ যে ভৱানীপুৰৰ গণেশপুৰৰ বাসিন্দা সৰ্বেশ্বৰ কলিতাৰ পুত্ৰ নৱজ্যোতি কলিতাই ওচৰৰ তৰালী কলিতাক প্ৰেম কৰি পলুৱাই নি বিয়া পাতে। বিয়াৰ পাছত তেওঁ লোকৰ সংসাৰত এটি পুত্ৰ সন্তানো আহে। দুই বছৰ পূৰ্বে স্বামী নৱজ্যোতি কলিতাই পুনৰ ওচৰৰ আন এগৰাকী যুৱতীক পলুৱাই নি বিয়া পাতে। ইয়াৰ পাছতে স্থানীয় ৰাইজে ৰাজহুৱা বিচাৰ পাতি নৱজ্যোতি কলিতাক অঞ্চলটোত অহা নিষিদ্ধ কৰি দিয়ে আৰু প্ৰথম পত্নী তৰালী কলিতাক স্বামীৰ ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়ে। তেতিয়াৰে পৰা পত্নী তৰালী কলিতাক ঘৰ এৰি যাবলৈ স্বামীৰ পিতৃ সৰ্বেশ্বৰ কলিতা আৰু মাতৃ মাকণী কলিতাই বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। শুকুৰবাৰে পুৱাৰ ভাগত শাহু মাকণী কলিতাই বোৱাৰী তৰালী কলিতাৰ গাত কেৰাচিন ঢালি জুই লগাই দিয়ে। বোৱাৰী গৰাকীয়ে হাতেৰে জুই নুমুৱাই বাহিৰলৈ দৌৰি আহি চিঞৰ বাখৰ কৰে । লগে লগে স্থানীয় লোক আৰু মাতৃৰ পৰিয়াল ঘটনা স্থলীত উপস্থিত হৈ তৰালী কালিতাক উদ্ধাৰ কৰে আৰু থানালৈ লৈ আহে। ঘটনা সন্দৰ্ভত ভুক্তভোগী তৰালী কলিতাই থানাত স্বামী পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শহুৰ আৰু শাহুক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি