নুনমাটিত লাঠিৰে মৰিয়াই মৰিয়াই যুৱকক হত্যা, আৰক্ষীৰ জালত ৫ অভিযুক্ত

মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে মহানগৰীৰ ভিন্ন স্থানত অভিযান চলাই মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে মহানগৰীৰ ভিন্ন স্থানত অভিযান চলাই মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
- News18 Assam
- Last Updated: January 20, 2021, 6:06 PM IST
উল্লেখযোগ্য যে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পূব ত্ৰিনয়নপূৰৰ বাসিন্দা ৰাজু দাসে হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহ পাল দি আহিছিল। যোৱা ৬ জানুৱাৰীত ৰাজু দাসৰ পত্নী আনিমা দাসৰ লগত নিশাৰ ভাগত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াতে উত্তেজিত হৈ স্বামী–স্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক প্ৰহাৰ কৰে। নিশাই পত্নী অনিমা দাস ঘৰৰ পৰা ওলাই গৈ পূব ত্ৰিনয়নপূৰ উন্নয়ন সমিতিৰ সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তক সাক্ষাৎ কৰি স্বামীৰ বিৰুদ্ধে বিচাৰ দিয়ে। সেইদিনা নিশাই প্ৰায় ডেৰ বজাত সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তৰ নেতৃত্বত ১২জনীয়া এটা দুৰ্বৃত্তৰ দলে ৰাজু দাসৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি শুই থকা ৰাজু দাসক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে। ফলত ৰাজু দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পুৱতি নিশা নুনমাটি আৰক্ষীয়ে ৰাজু দাসক উদ্ধাৰ কৰি সংকট জনকঅৱস্থাত জি এম চি এইচত ভৰ্তি কৰায়। বিগত ১৩ দিন ধৰি চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি ৰাজু দাসে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
ইপিনে অভিযুক্ত মুন শৰ্মা আৰু উৎপল দত্তসহ ১২ জনীয়া দুৰ্বৃত্তৰ দলটো পৰিয়ালসহ পলায়ন কৰি আছিল। আৰক্ষীয়ে পলাতক অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ তীব্র অভিযান চলাই আছিল যদিও কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে মহানগৰীৰ ভিন্ন স্থানত অভিযান চলাই মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন সাতজন অভিযুক্তক বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই।