আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে প্রকাশ কৰিছে এই বিস্ফোৰক তথ্যসমূহ৷ ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷
টুইটাৰযোগে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে প্রকাশ কৰা তথ্য অনুসৰি, আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল–ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল৷
তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছিল৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷
Ajmal donor Al Imdaad Foundation UK is directly linked to Palestinian Intifada spearheading terror group Hamas which financed numerous suicide bombings in Palestine against Israelis. It collects Halal Certification fees in millions and channels that money to fund terror acts ++ pic.twitter.com/VbNx5J9qRM