অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ উপ-নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা আজি পাঁচগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত কঠোৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে ক'ভিড-১৯ বিধিক মান্যতা দি মনোনয়ন পত্ৰ দাখিল কৰি প্ৰত্যেকে নিজৰ জয়ক লৈ আশাবাদী বুলি কয়।
আজি মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত সৰ্বপ্ৰথমে শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰী দল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে মহকুমাধিপতি তথা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰা সময়ত তেওঁৰ লগত অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ইউপিপিএল আৰু বিজেপিৰ একাধিক শীৰ্ষ নেতা উপস্থিত থাকে।
ইয়াৰ পাছত বিপিএফ দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ হৈ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী সদলবলে আহি মনোনয়ন পত্ৰ দাখিল কৰে। পাছত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুৱে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন আৰু দলৰ জিলা পৰ্যায়ৰ কৰ্ম-কৰ্তাক লগত লৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।
আনহাতে মনোনয়ন পত্ৰ দাখিল কৰে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰ আৰু তৃণমূল কংগ্ৰেছৰ পৰা হাৰকিউলিছ বসুমতাৰীয়েও। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰথম দিনা পাঁচগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে আৰু প্ৰত্যেকে সাংবাদিকৰ আগত নিজৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰে। বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্মই মনোনয়ন দাখিল কৰাৰ পিছত পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয়– ''সমষ্টিটোত আমাৰ ভেটি মজবুত আছে। ইয়াৰ পূৰ্বে চাৰিবাৰকৈ আমি বিপিএফৰ পৰা বিধায়ক হৈছোঁ। ভোটাৰ ৰাইজ আমাৰ লগত আছে। আমাৰ জয় নিশ্চিত।''
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তত কংগ্ৰেছৰ বিধায়নী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয়- ''উপ নিৰ্বাচনত কংগ্ৰেছৰ জুৱেল টুডুৰ জয় নিশ্চিত। ইয়াৰ পূৰ্বেও বহুবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ পৰা জিকি আহিছে। বৰ্তমান সময়ত বিজেপি চৰকাৰৰ কাৰণে ৰাইজে জলাকলা খাইছে। মানুহৰ হাতত টকা–পইচা নাই। পূজাৰ সময়ত ল'ৰা–ছোৱালীক নতুন কাপোৰ দিবৰ বাবে হাতত টকা নাই।''
আনহাতে এআইইউডিএফৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি উল্লেখ খৰি খাইৰুল আনাম খন্দকাৰে কয়– সমষ্টিৰ চুকে–কোণ আমি যাম। ৰাইজে নিশ্চিতভাৱে আমাক আঁকোৱালি ল'ব আৰু আমাৰ প্ৰাৰ্থী নিৰ্বাচনত জিকি আহিব।
আনহাতে বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীয়ে মনোনয়ন দাখিলৰ পিছত গোসাঁইগাঁৱত থকা মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত সমাগত উপ–নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধান সভা সমষ্টিত ইউ পি পি এল-বিজেপি-এজেপি-জিএছপি মিত্ৰজোটৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ৷
ইপিনে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ বিজেপিৰে সৈতে মিত্ৰতা হোৱা বুলি দাবী কৰিছে যদিও সেয়া সম্পুৰ্ণ ৰূপে নস্যাৎ কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷ সংবাদ মেলত কোকৰাঝাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী উপস্থিত থাকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|