নামনি অসমৰ শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকলৰ বাবে সুখবৰ

দেশী জনগোষ্ঠীৰ উঠি অহা নৱ-প্ৰজন্মসকলৰ শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যৰে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে

news18assam
Updated:April 29, 2019, 11:14 AM IST
নামনি অসমৰ শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকলৰ বাবে সুখবৰ
দেশী জনগোষ্ঠীৰ উঠি অহা নৱ-প্ৰজন্মসকলৰ শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে
news18assam
Updated: April 29, 2019, 11:14 AM IST
জ্যোতিৰ্ময় চক্ৰৱৰ্তী : নামনি অসমৰ শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকলৰ বাবে সুখবৰ ৷ দেশী জনগোষ্ঠীৰ উঠি অহা নৱ-প্ৰজন্মসকলৰ শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যৰে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকন’লজি ইনষ্টিটিউট অৱ ধুবুৰীৰ সৈতে এক আলোচনাত মিলিত হয় ৷উক্ত শিক্ষামূলক উক্ত আলোচনাৰ অন্তত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তিত দেশী শিক্ষিত যুৱক-যুৱতীসকলক জৰীপ কৰি লৈ উক্ত শিক্ষানুষ্ঠানৰ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান দিয়াৰ প্ৰচেষ্টা হাতত লৈছে ৷ সদৌ দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এনামূল হকৰ মন্তব্য অনুসৰি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকন’লজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হোৱা এই চুক্তি তিনি বছৰৰ বাবে স্বাক্ষৰিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি