মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাস মহোৎসৱত নিজস্ব প্ৰচেষ্টাৰে নিৰ্মিত মুখাশিল্পৰে ভক্তপ্ৰাণ দৰ্শকক হৃদয় জিনিবলৈ সাজু নগাঁৱৰ বৃন্দাবন মঞ্চ

ৰাস মহোৎসৱত নিজস্ব প্ৰচেষ্টাৰে নিৰ্মিত মুখাশিল্পৰে ভক্তপ্ৰাণ দৰ্শকক হৃদয় জিনিবলৈ সাজু নগাঁৱৰ বৃন্দাবন মঞ্চ

 ৰাসত ব্যৱহাৰ্য ভাস্কৰ্য শিল্পৰো নিৰ্মাণকাৰ্য পূৰ্ণগতিত কৰিছে এই শিল্পী দলটোৱে

ৰাসত ব্যৱহাৰ্য ভাস্কৰ্য শিল্পৰো নিৰ্মাণকাৰ্য পূৰ্ণগতিত কৰিছে এই শিল্পী দলটোৱে

  • Share this:
ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে আটকধুনীয়া মুখাশিল্পৰ নিৰ্মাণেৰে সাজু হৈ উঠিছে নগাঁৱৰ এটা শিল্পী দল। ৰাসত ব্যৱহাৰ্য ভাস্কৰ্য শিল্পৰো নিৰ্মাণকাৰ্য পূৰ্ণগতিত কৰিছে এই শিল্পী দলটোৱে। ৰাস মহোৎসৱত মুখাশিল্পৰ প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে নগাঁৱৰ হাতীচোং ব্ৰাহ্মণ গাঁৱৰ নিৱাসী তথা উদীয়মান যুৱক দেৱব্ৰত বৰাৰ নেতৃত্বত বৃন্দাবন মঞ্চ।

সাধাৰণতে মাজুলীত দেখা পোৱা মুখাশিল্পৰ দৰেই দেৱব্ৰত বৰাৰ নেতৃত্বত এটা যুৱকৰ দলে দিনে নিশাই মুখাশিল্প তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। ৰাস মহোৎসৱত ব্যৱহাৰ্য সকলোবোৰ সামগ্ৰী তেওঁলোকে ঘৰতে কাঠ, বাঁহ, বেত, কুহিলাৰে নিৰ্মাণ কৰি এক সুন্দৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে। যি সময়ত যুৱ প্ৰজন্মৰ মাজত উৎশৃঙ্খলতাই দেখা দিছে সেই সময়তে এই যুৱকৰ দলটিয়ে মুখাশিল্পৰ সৈতে জড়িত হৈ পৰাটোৱে সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ৰাসৰ ব্যৱহাৰ্য অঘাসুৰ, বকাসুৰ, বৃন্দাবনত ব্যৱহৃত সকলো সামগ্ৰীৰ লগতে সুন্দৰ মৌৰা চৰাইৰ পৰা আৰম্ভ কৰি শংখচূড়ৰ প্ৰৱেশৰ বিশেষ কাৰুকাৰ্য তেওঁলোকে দিনে-ৰাতিয়ে নিৰ্মাণ কৰি আহিছে। সমাগত ৰাস মহোৎসৱত তেওঁলোকে সেই মুখাশিল্পৰ প্ৰদৰ্শনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। বৰ্তমান যান্ত্ৰিকতাৰ যুগত এই যুৱককেইজনৰ এই মুখাশিল্পৰ কাৰ্য্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। যুৱককেইজনৰ এই প্ৰয়াসে নৱপ্ৰজন্মৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

শিল্পী দেৱব্ৰত বৰাৰ লগতে ৰাজদীপ কৌণ্ডিল্য,কল্পেন্দু বৰা,সাৰঙ্গ বৰা,পংকজ বৰা, বিকি বৰা, মানস নাথ, শিৱান কাকতি,গুণমনি নাথ, ধীৰাজ বৰাই এই মুখাশিল্প কামত সহযোগিতা আগৱঢ়াইছে। সমাগত ৰাস মহোৎসৱৰ পৰিচালনা সমিতিৰ পৰা যুৱককেইজনে সহাঁৰি কামনা কৰিছে।

শেহতীয়া বাতৰি