নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তেতেলীসৰা পথৰ কাষত শনিবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজন তেতেলীসৰা মাহনিআটিত বাস কৰা গিৰিন গগৈ বুলি চিনাক্ত কৰা হৈছে ৷ বোকাখাটৰ গিৰিন গগৈয়ে তেতেলীসৰাৰ কান্দাপাৰ প্ৰাথমিক বিদ্যালয়ৰ এজন টেটৰ শিক্ষক হিচাপে কৰ্মৰত আছিল।
উল্লেখযোগ্য যে, নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত গিৰিন গগৈৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বানে বিধ্বস্ত কৰা কামপুৰ তেতেলীসৰাৰ জৰাজীৰ্ণ পথৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে ৷ মৃতদেহৰ কাষত AS03P5975 নম্বৰৰ এখন মটৰ চাইকেল উদ্ধাৰ হৈছে ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। শিক্ষক গৰাকীৰ মৃত্যু দুৰ্ঘটনা নে আন কিবা সেয়া মৰনোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 11:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।