মাত্ৰ দুবছৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ পিছত নৱোজিতে দেশৰ কেইবাগৰাকীও প্ৰতিভাৱান শিশু নৃত্যশিল্পীক পৰাস্ত কৰি খিতাপ দখল কৰে।
মাত্ৰ দুবছৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ পিছত নৱোজিতে দেশৰ কেইবাগৰাকীও প্ৰতিভাৱান শিশু নৃত্যশিল্পীক পৰাস্ত কৰি খিতাপ দখল কৰে।
শিশুৰ ৰিয়েলিটি শ্ব' ডেন্স ইণ্ডিয়া ডেন্স লিটিল মাষ্টাৰ্ছ ছিজন-৫ৰ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় অসমৰ শিশু নৱোজিত নাৰ্জাৰীয়ে। অসমৰ ৯ বছৰীয়া শিশু নাৰ্জাৰীয়ে অসমৰে ধেমাজিৰ আপ্পুন পেগু, অধ্যাশ্ৰী, সাগৰ ভাৰাপে আৰু ঋষিতা তাঁতীক পৰাস্ত কৰি ৫ লাখ টকাৰ ট্ৰফী আৰু নগদ পুৰস্কাৰ লাভ কৰে। এই অনুষ্ঠানত সোণালী বেন্দ্ৰে, মৌনী ৰয় আৰু ৰেমো ডিচুজা বিচাৰক ৰূপে আছিল (Nobojit Narzary wins DID L’il Masters 5)।
মাত্ৰ দুবছৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ পিছত নৱোজিতে দেশৰ কেইবাগৰাকীও প্ৰতিভাৱান শিশু নৃত্যশিল্পীক পৰাস্ত কৰি লাভ কৰা এই স্বীকৃতিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নৱোজিতে ফ্ৰীষ্টাইল, হিপ হপ, আৰু সমসাময়িক নৃত্যশৈলী প্ৰদৰ্শন কৰি এই সাফল্য অৰ্জন কৰে।
নাৰ্জাৰীয়ে এই সফলতাৰ পিছত কয় যে তেওঁৰ দেউতাক তেওঁৰ জয়ৰ বাবে সুখী। তেওঁ কয়- "তেওঁ মোক কৈছিল যে মই কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগে আৰু তেওঁৰ লগতে মোৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিব লাগে।"
উল্লেখ্য, ৰিয়েলিটি শ্ব' ডেন্স ইণ্ডিয়া ডেন্স লিটিল মাষ্টাৰ্ছ জী-টিভিৰ অনুষ্ঠান আৰু এইবাৰ ছীজন-৫ অনুষ্ঠিত কৰা হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|