• Home
  • »
  • News
  • »
  • assam
  • »
  • No Water in Hospital : নাজিৰা চৰকাৰী চিকিৎসালয়ত পানীৰ অভাৱ৷ চিকিৎসা কৰ্মীয়ে চেলাইনেৰে ধুইছে হাত৷ এপষেক ধৰি চিকিৎসালয়ত হাহাকাৰ ৷

No Water in Hospital : নাজিৰা চৰকাৰী চিকিৎসালয়ত পানীৰ অভাৱ৷ চিকিৎসা কৰ্মীয়ে চেলাইনেৰে ধুইছে হাত৷ এপষেক ধৰি চিকিৎসালয়ত হাহাকাৰ ৷

চিকিৎসালয়খনত পানী যোগান ধৰি থকা হৈছিল অ'এনজিচি (ONGC)ৰ বহিঃকলনীৰ পানী যোগান প্ৰণালীৰ পাইপেৰে।

চিকিৎসালয়খনত পানী যোগান ধৰি থকা হৈছিল অ'এনজিচি (ONGC)ৰ বহিঃকলনীৰ পানী যোগান প্ৰণালীৰ পাইপেৰে।

চিকিৎসালয়খনত পানী যোগান ধৰি থকা হৈছিল অ'এনজিচি (ONGC)ৰ বহিঃকলনীৰ পানী যোগান প্ৰণালীৰ পাইপেৰে।

  • Share this:
নাজিৰা মহকুমাত অৱস্থিত একমাত্ৰ চিকিৎসালয়খনত যোৱা এপষেক  ধৰি পানী যোগান বন্ধ হৈ ৰোৱাত চিকিৎসালয়খনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । নগৰৰ মাজ-মজিয়াত অৱস্থিত চৰকাৰী সাহায্য-প্ৰাপ্ত চিকিৎসালয় খন৷ সকলো জৰুৰী সেৱাৰে চিকিৎসাৰ বাবে সদা প্ৰস্তুত হৈ থকা চিকিৎসালয়খনত হঠাৎ পানী যোগান বন্ধ হৈ পৰাত চিকিৎসা সেৱা চলাই নিয়াত সংকটৰ সৃষ্টি কৰিছে।

চিকিৎসালয়খনত পানী যোগান ধৰি থকা হৈছিল অ'এনজিচি (ONGC)ৰ বহিঃকলনীৰ পানী যোগান প্ৰণালীৰ পাইপেৰে। কিন্তু হঠাৎ পানী যোগান ব্যৱস্থা বন্ধ হৈ পৰাত চিকিৎসালয়খনৰ পৰিচাৰিকাৰ হাত ধুবলৈও পানীৰ অভাৱ ঘটিছে। চিকিৎসালয়ৰ চিকিৎসক আৰু পৰিচাৰিকাৰ সৈতে NEWS18ৰ সাংবাদিকে  বাৰ্তালাপ কৰাৰ লগতে আঘাতপ্ৰাপ্ত জৰুৰী সেৱাৰ ৰোগীক কৰা চিকিৎসাৰ সময়ত হাতত লগা তেজ পৰ্য্যন্ত ধুবলৈ চেলাইনৰ পানী ব্যৱহাৰ কৰা দেখা গ'ল ।

একমাত্ৰ পানী যোগান ব্যৱস্থা হিচাপে অ'এনজিচিৰ কলনীৰ পানী যোগান প্ৰণালীৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লগীয়া হয় চিকিৎসালয় খন । ইয়াৰ বিকল্প হিচাপে ২৪ ঘণ্টাই পানী যোগান পোৱাৰ কোনো ব্যৱস্থা নাই চিকিৎসালয়খনত। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা যোগান টেপৰপৰা পুৱাৰ ভাগত এঘণ্টাৰ বাবেহে পানী যোগান ধৰা হয় । সম্প্ৰতি অ'এনজিচিৰ কৰ্তৃপক্ষলৈ পানী যোগান ব্যাহত হোৱা সম্পৰ্কত নাজিৰা চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত চিকিৎসালয়ৰ তৰফৰপৰা অৱগতকৰণ পত্ৰ প্ৰদান কৰা হৈছে ।

নাজিৰাত নগৰৰ পৰা চাৰি কিঃমিঃ দূৰত্বত মহকুমা অসামৰিক চিকিৎসালয় থকাৰ বাহিৰে বিকল্প  কোনো নাৰ্চিং হোম আদি নথকা অৱস্থাত একমাত্ৰ এইখন চিকিৎসালয়খনত পানী যোগানৰ এটি পূৰ্ণ প্ৰকল্প অ'এনজিচিয়ে নিজে প্ৰদান কৰিব নোৱাৰেনে ? ইতিমধ্যে নাজিৰা মহকুমা ছাত্ৰ সন্থাই মহকুমাধিপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি কোনো আগতীয়া জাননী অবিহনে চিকিৎসালয়ৰ পানী যোগান কাটি পেলোৱা পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি