"দুৰ্গা পূজা পতাৰ সম্পৰ্কত প্ৰশাসনৰ একো আপত্তি নাই। কিন্তু ক’ভিড বিধি উলংঘন কৰি পূজা উদযাপন কৰি কাৰো হানি নকৰিব। ক’ভিড সংক্ৰমণ কৰিলে বুলি বদনামৰ ভাগী নহ’ব।’ – আগন্তুক দুৰ্গা পূজা উদযাপন সন্দৰ্ভত জিলা পুথিভড়ালত শুকুৰবাৰে দুৰ্গা পূজা উদযাপন সমিতিৰ বিষয়-ববীয়াসকলৰ সৈতে আয়োজিত এক সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এইদৰে অনুৰোধ জনালে পূজা উদযাপন সমিতিৰ বিষয়-ববীয়াসকলক।
পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সত্যজ্যোতি বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, শৰ্মিষ্ঠা বৰা আৰু সুস্বপ্না কাকতি, অতিৰিক্ত আৰক্ষী আয়ুক্ত (যান-বাহন শাখা) দেৱাশিস বৰাৰ উপৰি অগ্নি নিৰ্বাপণ আৰু জৰুৰীকালীন সেৱা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰা এই সভাত দুৰ্গা পূজা উদযাপন বিষয়ত যোৱা ১৫ ছেপ্তেম্বৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনা সৰ্ম্পকে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসে বিতং ব্যাখ্যা কৰে।
ইয়াৰ পিছত উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই নিৰ্দেশনাৰ লগত সংগতি ৰাখি আন কেতবোৰ বিষয়ে আলোচনা কৰে। উপায়ুক্তজনে কয় যে, 'জনসাধাৰণৰ অহা-যোৱাৰ ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি ভাবি থকা সকলে পূজা পতাটো বাতিল কৰিব লাগে।'
পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত ‘ ন’ ভেকচিন, ন’ এন্ট্ৰি’ আৰু ‘ ন’ মাস্ক, ন’ এন্ট্ৰি’ লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে। সংস্পৰ্শৰ পৰা আঁতৰত থাকি ক’ভিড সংক্ৰমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ, খাদ্য আদি ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ কৰে।
আনহাতে, ভক্তৰ সুবিধাৰ বাবে এইবাৰ স্থানীয় আৰক্ষী থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল’ব পাৰিব বুলি লগতে জনাই উপায়ুক্তগৰাকীয়ে। সভাত পৰিৱেশ পৰিচ্ছন্নতা বজাই ৰাখি আগন্তুক দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। আনহাতে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, স্বাস্থ্য, পৌৰ নিগম আদি বিভাগৰ বিষয়াসকলে সভাত জৰুৰীকালীন সহায়ৰ ক্ষেত্ৰত নিজৰ নিজৰ যোগাযোগৰ নম্বৰসমূহ ব্যক্ত কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|