মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Post Covid Situation: বন্ধ যান-বাহন, নাই চৰকাৰী ব্যৱস্থাও, কোভিডমুক্ত লোকে চেন্টাৰৰ পৰা ঘৰলৈ আহিলে ২০ কিলোমিটাৰ খোজকাঢ়ি

Post Covid Situation: বন্ধ যান-বাহন, নাই চৰকাৰী ব্যৱস্থাও, কোভিডমুক্ত লোকে চেন্টাৰৰ পৰা ঘৰলৈ আহিলে ২০ কিলোমিটাৰ খোজকাঢ়ি

News18 Assam | News18-Assam
Updated:July 4, 2021, 9:39 PM IST
Post Covid Situation: বন্ধ যান-বাহন, নাই চৰকাৰী ব্যৱস্থাও, কোভিডমুক্ত লোকে চেন্টাৰৰ পৰা ঘৰলৈ আহিলে ২০ কিলোমিটাৰ খোজকাঢ়ি
কোভিডৰ পৰা মুক্ত হোৱাৰ পিছত বিশ্ৰামৰ কথা কয় চিকিৎসকে, কিন্তু যান-বাহনৰ ব্যৱস্থা নোহোৱাত ২০ কিলোমিটাৰ খোজ কাঢ়িলে কোভিডমুক্ত এই লোকসকলে।

কোভিডৰ পৰা মুক্ত হোৱাৰ পিছত বিশ্ৰামৰ কথা কয় চিকিৎসকে, কিন্তু যান-বাহনৰ ব্যৱস্থা নোহোৱাত ২০ কিলোমিটাৰ খোজ কাঢ়িলে কোভিডমুক্ত এই লোকসকলে।

  • Share this:

কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰ্তমান গহপুৰ মহকুমাত বলৱৎ হৈ আছে সম্পূৰ্ণ কন্টেইনমেন্ট জ'নৰ বিধি-ব্যৱস্থা। এনে ক্ষেত্ৰত মহকুমাটোত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে যাত্ৰীবাহী যান-বাহনৰ চলাচল। এনে অৱস্থাত মহকুমাটোৰ কোভিড কেয়াৰ চেন্টাৰৰ পৰা কোভিড মুক্ত হৈ ওলাই অহা ব্যক্তিসকলে নিজ গৃহলৈ যোৱাৰ ক্ষেত্রত সন্মুখীন হৈছে ব্যাপক সমস্যাৰ। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকল এইক্ষেত্রত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।


আৰ্থিক দুৰৱস্থাৰ বাবে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে ভাৰা দি যান-বাহনৰ ব্যৱস্থা কৰিব নোৱৰাত বহু দূৰ খোজ কাঢ়িয়েই নিজ গৃহলৈ অতি কষ্টৰে যাত্ৰা কৰিব লগাত পৰিছে। শেহতীয়াকৈ এনে বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত এৰাসুঁতি গাঁৱৰ একেটা চুবুৰিৰ শিশুসহ ছগৰাকী কোভিডমুক্ত ৰোগী । উল্লেখ্য যে কোভিডত আক্ৰান্ত হৈ যোৱা ২৮ জুনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈছিল এৰাসুঁতি গাঁৱৰ বিজু দেৱী (৩০), কমল শৰ্মা (৫), খিলনাথ ৰিজাল (১৩), কুলপ্ৰসাদ চামলাগাই (৪৩), তিলৰূপ দেৱী (৪২)  আৰু তিকা দেৱী (৪০)। আজি উক্ত আটাইকেইজন কোভিড মুক্ত হোৱাত কোভিড কেয়াৰ চেন্টাৰটোৰ পৰা যাবলৈ দিয়া হয়।


কিন্তু কোভিড কেয়াৰ চেন্টাৰৰ পৰা ওলাই ঘৰলৈ যাবৰ বাবে যান- বাহন বিচাৰি বিমুখ হয় উক্ত ব্যক্তিকেইগৰাকী। সম্পূৰ্ণ কন্টেইনমেন্ট জ'নৰ বাবে পথত নাছিল কোনো যাত্ৰীবাহী যান-বাহন। আনহাতে ভাৰাতীয়া বাহনৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকৰ নাছিল আৰ্থিক সামৰ্থ্য। এনে অৱস্থাত উপায়হীন হৈ শিশুসহ আটাইকেইগৰাকী ৰোগীয়ে ছয়দুৱাৰ মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেন্টাৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ বাট অতি কষ্টৰে খোজকাঢ়ি নিজ গৃহত উপস্থিত হয়গৈ। এনে পৰিস্থিতিত কোভিড ৰোগীৰ এনেধৰণৰ দুৰৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত গহপুৰৰ স্বাস্থ্য বিভাগে অথবা প্ৰশাসনে সঠিক পদক্ষেপ গ্ৰহণ কৰিব বুলি গহপুৰৰ সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে।

Published by: Gautam Barman
First published: July 4, 2021, 9:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি