শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবেই এতিয়া গোলাঘাট জিলাৰ এখন বিদ্যালয় চিৰদিনৰ বাবে বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। পাঠগ্ৰহণৰ পৰিৱৰ্তে বিদ্যালয়খনৰ কণ কণ ছাত্র ছাত্ৰীসকলে এতিয়া সময় পাৰ কৰিছে লুডু, বেডমিণ্টন অথবা কাবাডী খেলি। শিক্ষকৰ অভাৱত গোলাঘাট পূৱ শিক্ষাখণ্ডৰ অধিনৰ কল্যাণপুৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়খনৰ ১৬০ জন ছাত্র ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত একপ্ৰকাৰ অন্ধকাৰচন্ন হৈ পৰিছে।
সৰ্বমুঠ নটা শ্ৰেণী থকা বিদ্যালয়খনত আজিৰ দিনত নাই এগৰাকীও শিক্ষক। তিনিগৰাকী শিক্ষক থকা বিদ্যালয়খনৰ দুগৰাকী শিক্ষকে পৰ্য্যায়ক্ৰমে অৱসৰ লোৱাৰ পাছত একমাত্ৰ প্ৰধান শিক্ষকগৰাকীও বিগত সপ্তাহত উচ্চ ৰক্তচাপজনিত ৰোগত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰে। ঠিক তেতিয়াৰে পৰা সম্পূৰ্ণৰূপে শিক্ষকবিহীন হৈ পৰে বিদ্যালয়খন।
উল্লেখযোগ্য যে, কিছু বছৰৰ পূৰ্বে কল্যাণপুৰ প্ৰাথমিক বিদ্যালয় আৰু কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয় দুখন শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি একত্ৰিকৰণ কৰা হৈছিল। একত্ৰিকৰণ সম্ভৱ হৈ উঠিল যদিও কিন্তু মাত্ৰ তিনিগৰাকী শিক্ষকেই জোৰা-তাপলি মাৰি কোনোমতে শিক্ষাদান কৰি আহিছিল বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলক। পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকলে গোলাঘাট জিলাৰ শিক্ষা বিষয়াক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ বাবে বহুবাৰ অনুৰোধ কৰিছিল যদিও কানসাৰ নিদিলে শিক্ষা বিভাগে। যাৰ বাবেই বৰ্তমান প্ৰধান শিক্ষকগৰাকীৰ মৃত্যুৰ পাছত সম্পূৰ্ণৰূপে শিক্ষকশূণ্য হৈ পৰিল পিছপৰা অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বিদ্যালয়খন।
পাঠদানৰ সমান্তৰালভাৱে শিক্ষক নোহোৱাৰ বাবেই বৰ্তমান বিদ্যালয়খনত বন্ধ হৈ পৰিছে মধ্যাহ্ন ভোজন আঁচনিখনো। অৱশ্যে কণ কণ ছাত্র ছাত্ৰীকেইটিৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া স্থানীয় কেইগৰাকীমান সচেতন ব্যক্তিয়ে বিদ্যালয়খনত সেৱামূলক পাঠদান কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰিছে। কল্যাণপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকসকলে অনতিপলমে বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিয়োগ কৰি অচলাৱস্থা দুৰ কৰিবলৈ শিক্ষা বিভাগক পুনৰবাৰ আহ্বান জনাইছে।
মেৰাপানীৰ পৰা অনমুল যাদৱৰ প্ৰতিবেদনPublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|