News18-Assam Updated:July 1, 2019, 7:52 AM IST
প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল, কাৰ্যকৰী নহল শিক্ষাৰ্থী অনুপাতে শিক্ষক নিয়েগৰ ব্যৱস্থা
প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল, কাৰ্যকৰী নহল শিক্ষাৰ্থী অনুপাতে শিক্ষক নিয়েগৰ ব্যৱস্থা
ৰাজ্যৰ শিক্ষা বিভাগৰ গুণ গৰিমাৰ কথা যেন কৈ থাকিলেও যেন উৰকে নপৰিব! চৰকাৰৰ পৰিৱৰ্তন হ’ল, ১৩ বছৰত সলনি হ’ল পাঁচ জনকৈ শিক্ষামন্ত্ৰী, তথাপিও কাৰ্যকৰী হৈ নুঠিল শিক্ষাৰ্থী অনুপাতে শিক্ষক নিয়েগৰ ব্যৱস্থা। ফলত এতিয়া শিক্ষকৰ অভাৱত প্ৰকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহৰ বহু সংখ্যক ছাত্ৰ–ছাত্ৰী। ২০০৬ চনতে তদানীন্তন শিক্ষামন্ত্ৰী ৰিপুন বৰাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত শিক্ষাৰ্থী অনুপাতে শিক্ষক নিয়েগৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিছিল যদিও, কোনো দিনেই কাৰ্যকৰী ৰূপ নল’লে সেই আশ্বাসে। বৰ্তমান ৰাজ্যৰ ১৭ খন জিলাৰ ৬,৩৬০ খন বিদ্যালয়ত ছাত্ৰ–ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। তাৰ মাজতে এতিয়া টেট উৰ্ত্তীণ ঠিকা ভিত্তিক শিক্ষক সকলেও এতিয়া গভীৰ অনিশ্বয়তাত দিন কটাইছে। ফলত এতিয়া ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ–ছাত্ৰীয়ে কিদৰে শিক্ষা গ্ৰহণ কৰিছে সেইয়া সহজেই অনূমেয়।