কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ ৭২ ঘণ্টা পিছতো কোৰোণা ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ নমুনা ল’বলৈ নাহিল স্বাস্থ্য কৰ্মী! 

News18 Assam | News18-Assam
Updated:June 30, 2020, 8:13 PM IST
কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ ৭২ ঘণ্টা পিছতো কোৰোণা ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ নমুনা ল’বলৈ নাহিল স্বাস্থ্য কৰ্মী! 
দেওবাৰে অঞ্চলটোৰ মঞ্জু দাস নামৰ এগৰাকী মহিলাৰ দেহত ওলাইছিল কোভিড–১৯ পজিটিভ৷

দেওবাৰে অঞ্চলটোৰ মঞ্জু দাস নামৰ এগৰাকী মহিলাৰ দেহত ওলাইছিল কোভিড–১৯ পজিটিভ৷

  • Share this:
বিমোৰত পৰিছে মহানগৰীৰ গান্ধীবস্তিৰ ৪নং পথৰ আবাসী৷ দেওবাৰে অঞ্চলটোৰ মঞ্জু দাস নামৰ এগৰাকী মহিলাৰ দেহত ওলাইছিল কোভিড–১৯ পজিটিভ৷ কোভিড–১৯ ধৰা পৰাৰ পিছতে মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল হাস্পতালত৷ কিন্তু পৰিয়াল তথা মঞ্জু দাসৰ সংস্পৰ্শ অহা কোনো লোকৰ এইপৰ্যন্ত কৰা নহ’ল নমুনা সংগ্ৰহ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক আহিব আহিব বুলি অপেক্ষাৰত অঞ্চলবাসী৷ কিয়নো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাত আবাসীসকল ওলাব পৰা ঘৰৰ পৰা৷ কিন্তু ৪৮ ঘণ্টা উকলি যোৱাৰ পিছত বিভাগৰ সৈতে যোগাযোগ কৰিলে যদিও ৰাজগড় ছোৱালী হাইস্কুল কেন্দ্ৰলৈ অহাৰ নিৰ্দেশ দিে বিভাগে৷

প্ৰশ্ন হৈছে কণ্টেইনমেণ্ট জ’নত থকা আবাসীসকল কেনেকৈ যাব ৰাজগড় ছোৱালী হাইস্কুললৈ৷ ইপিনে লকডাউনৰ বাবে সম্পূৰ্ণ যোগাযোগ বন্ধ৷ নাই কোনো বাহন৷ কণ্টেইনমেণ্ট জ'নৰ বাহিৰ হ’লে ওচৰ–চুবুৰীয়াৰ অভিযোগ৷ উল্লেখযোগ্য যে কোভিড আক্ৰান্ত মঞ্জু দাসৰ সংস্পৰ্শলৈ প্ৰায় আবাসটোৰ ২৫ গৰাকী লোক আহিছিল৷ ইয়াৰ ভিতৰত কণ কণ শিশু, ৬৫ বছৰৰ উৰ্ধ্বৰ লোকো আছে ৷ তেনে সময়ত কেনেকৈ তেওঁলোক কেন্দ্ৰলৈ যাব নমুনা প্ৰদান কৰিবলৈ৷ ইয়াকে লৈ বিপাঙত সপৰিছে আবাসীসকল৷
First published: June 30, 2020, 8:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading