মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar : জনজাতিকৰণৰ পৰা বঞ্চিত, মোদী চৰকাক "ঝুমলা চৰকাৰ'' আখ্যা দি আটাছু-টাইপাৰ প্ৰতিবাদ শিৱসাগৰত

Sivasagar : জনজাতিকৰণৰ পৰা বঞ্চিত, মোদী চৰকাক "ঝুমলা চৰকাৰ'' আখ্যা দি আটাছু-টাইপাৰ প্ৰতিবাদ শিৱসাগৰত

শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে।

শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে।

শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে।

  • Share this:
বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ৫খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে যদিও বাদ পৰিল অসমৰ ছয় জনগোষ্ঠী।

আহোম, কোচ ৰাজবংশী,  মৰাণ, মটককে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী বছৰ বছৰ ধৰি কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে পুনৰ প্ৰতাৰণা কৰাত শিৱসাগৰতো উঠিছে ক্ষোভৰ জোৱাৰ।

শিৱসাগৰ ষ্টেচন চাৰিআলিত সদৌ টাই আহোম ছাত্ৰ সন্থাই, দৌলমুখ চাৰিআলিত  টাই আহোম যুৱ পৰিষদে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰথমে আটাছুৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লেকাৰ্ড  লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, জনজাতিকৰণৰ নামত প্ৰতাৰণা সহ্য কৰা নহ'ব আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইপিনে শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে। পৰিষদৰ শতাধিক সদস্যই ''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণা সহ্য কৰা নহ'ব, বিশ্বাসঘাতক মোদী চৰকাৰ মুৰ্দাবাদ'' শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটাছু আৰু টাইপাৰ  নেতৃত্বই অহা লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে ফল ভোগ কৰিব লাগিব বুলি সকীয়নি দিয়ে।
ইপিনে  জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই  আহোম যুৱ পৰিষদৰ উপৰি কোচ ৰাজবংশী ছাত্ৰ সন্থাই। নৰেন্দ্ৰ মোদী চৰকাক "ঝুমলা চৰকাৰ'' আখ্যা দিয়ে আক্ৰাছুৰ পাৰ্থ বৰাই।

শেহতীয়া বাতৰি