যেন নাই কোনো সামাজিক দায়বদ্ধতা? নগাঁৱত জানাজাৰ পিছত এইবাৰ সমূহীয়া নামাজ

News18 Assam | News18-Assam
Updated:August 1, 2020, 5:36 PM IST
যেন নাই কোনো সামাজিক দায়বদ্ধতা? নগাঁৱত জানাজাৰ পিছত এইবাৰ সমূহীয়া নামাজ
বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ ত্যাগৰ বিপৰীতে নগাঁৱত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে কেইবাশতাধিক লোকে।

বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ ত্যাগৰ বিপৰীতে নগাঁৱত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে কেইবাশতাধিক লোকে।

  • Share this:
কোৰোণাৰ সংক্ৰমণৰ বাবেই সমগ্ৰ বিশ্বতে সমূহীয়া নামাজৰ পৰা বিৰত আছে ইছলাম ধৰ্মালম্বী লোকসকল। চৰকাৰী নীতি-নিৰ্দেশনা মানি পৰিয়ালৰ সদস্যৰ সৈতে ঘৰতে সকলোৱে উদযাপন কৰিছে ঈদ-উজ-জোহা। কিন্তু বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ ত্যাগৰ বিপৰীতে নগাঁৱত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে কেইবা শতাধিক লোকে।



চামগুৰি সমষ্টিৰ বৰমা বজাৰত চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ ৰূপে অমান্য কৰি আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে কেইবা শতাধিক লোকে। কেৱল বৰমা বজাৰতে নহয় সমষ্টিটোৰ বহু ভিতৰুৱা অঞ্চলত আজি অনুষ্ঠিত হ'ল সমূহীয়া নামাজ।

উল্লেখযোগ্য যে, আজিৰ পৰা এমাহ পূৰ্বে নগাঁও জিলাৰ জুৰীয়াত সামাজিক ব্যৱধানক ধোঁৱাচাঙত তুলি এক জানাজাত ব্যাপক জনসমাগম হৈছিল। সেইসময়তো নগাঁও জিলা উপায়ুক্ত গৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু আজি পুনৰ নগাঁও জিলাৰে চামগুৰিত কোনোধৰণৰ মাস্ক পৰিধান নকৰি আৰু সামাজিক ব্যৱধানক উলংঘা কৰি সমূহীয়া নামাজ অনুষ্ঠিত হোৱা কাৰ্যই জিলা প্ৰশাসনৰ সোপাধিলা ৰূপটোকে পুনৰ উদঙাই দেখুৱালে। অৱশ্যে বৰ্তমানলৈকে এই ক্ষেত্ৰত জিলা উপায়ুক্ত অথবা আৰক্ষী অধীক্ষকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 5:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading