নাই সামাজিক ব্যৱধান, নামানিলে সান্ধ্য আইন! ৰিপুণ বৰাৰ উপস্থিতিত সোণাৰিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে তত্পৰ হৈছে শাসক-বিৰোধী।
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে তত্পৰ হৈছে শাসক-বিৰোধী।
- News18 Assam
- Last Updated: August 14, 2020, 5:29 PM IST
কৰ্মী সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ বাবে কিদৰে কংগ্ৰেছ দল আগবাঢ়িব, সেই লৈ বক্তব্য দাঙি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। সোণাৰিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সভাত । আহোম সেনাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বপ্নজিত বুঢ়াগোহাঁই লগতে টাই আহোম যুৱ পৰিষদৰ আৰু বিভিন্ন দল-সংগঠনৰ দুই শতাধিক কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত। সভাত উপস্থিত থাকে, কংগ্ৰেছৰ যুৱ নেতা, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই।
উক্ত সভাতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণ কৰা অভিযুক্ত এন এচ ইউ আইৰ নেতাক বহিষ্কাৰ কৰা কথাও ঘোষণা কৰে ৰিপুণ বৰাই।