দীপাৱলীত এইবাৰ ফটকা ব্যৱহাৰ বা বিক্ৰীত অনুমতি থাকিবনে? ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটীত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ জাননী জাৰি কৰিছিল। সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনা পালন কৰাৰ লগতে কোৰোণা ৰোগী আৰু বায়ু প্ৰদূষণৰ কথা আগত ৰাখি ৰাজ্য চৰকাৰে লৈছিল এই সিদ্ধান্ত। পিছে চৰকাৰৰ এই জাননী এতিয়া প্ৰত্যাহাৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ টুইট।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কৈছে যে, ‘ অন্য ধৰ্মৰ দৰে, হিন্দু সকলৰো উত্সৱ উদযাপনৰ সম্পূৰ্ণ অধিকাৰ আছে। কোৰোণাৰ সংক্ৰমণ ৰোধ হোৱাৰ লগতে, পৰিস্থিতি স্বাভাৱিক হোৱাৰ পথত অসম। গতিকে দীপাৱলী উদযাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। সেইদৰে ফটকা ফুটোৱাৰ ক্ষেত্ৰতো নাই কোনো বাধা। এই ক্ষেত্ৰত কোনো ধৰণৰ গাইড লাইনো জাৰি কৰা নহয়। কিন্তু মনত ৰাখিব যে, কোৰোণা ভাইৰাছৰ কাৰণে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে।’
🎉 Like any other religion, Hindus have the right to celebrate festivals. With improvement in #COVID19 situation in Assam,we plan no restrictions on celebration of #Diwali including use of #Firecrackers.
However, kindly remember, self-restraint is key to combat #COVID19