নিযুক্তি প্ৰদানৰ নামত নিবনুৱাক ৰামঠগন পৰিবহন বিভাগৰ, প্ৰ-পত্ৰ দাখিলৰ এবছৰ পিছতো নহ'ল পৰীক্ষা

২০১৮ বৰ্ষৰ জুলাই মাহত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ পৰা চাকৰিৰ আবেদন বিচাৰি আজিলৈকে পৰিবহণ বিভাগে অনুষ্ঠিত নকৰিলে কোনো পৰীক্ষা৷

News18-Assam
Updated:June 28, 2019, 9:56 AM IST
নিযুক্তি প্ৰদানৰ নামত নিবনুৱাক ৰামঠগন পৰিবহন বিভাগৰ, প্ৰ-পত্ৰ দাখিলৰ এবছৰ পিছতো নহ'ল পৰীক্ষা
২০১৮ বৰ্ষৰ জুলাই মাহত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ পৰা চাকৰিৰ আবেদন বিচাৰি আজিলৈকে পৰিবহণ বিভাগে অনুষ্ঠিত নকৰিলে কোনো পৰীক্ষা৷
News18-Assam
Updated: June 28, 2019, 9:56 AM IST
গুঞ্জন কলিতাঃ নিযুক্তি প্ৰদানৰ নামত নিবনুৱাক এবছৰে একপ্ৰকাৰ ৰামঠগন দিছে ৰাজ্যৰ পৰিবহণ বিভাগে৷ ২০১৮ বৰ্ষৰ জুলাই মাহত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ পৰা চাকৰিৰ আবেদন বিচাৰি আজিলৈকে পৰিবহণ বিভাগে অনুষ্ঠিত নকৰিলে কোনো পৰীক্ষা৷ প্ৰ-পত্ৰ পূৰণ কৰি বিগত এটা বছৰে পৰীক্ষাৰ বাবে অপেক্ষাৰত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী৷

পৰিবহণ বিভাগৰ মুঠ ৩৮টা পদৰ বাবে ২০১৮ বৰ্ষৰ ১৯ জুলাইত প্ৰকাশ কৰা হৈছিল বিজ্ঞাপন৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি Jr. Asstt.(HQ)ৰ ১১টা পদ, Jr. Asstt.(Dist.)ৰ ৯টা পদ, Stenographerৰ ১টা, Computerৰ ১টা, Asstt. Enforcement Inspectorৰ ৮টা পদ আৰু Enforcement Checkerৰ ৮টা পদৰ বাবে ৰাজ্যৰ নিবনুৱাৰ পৰা এবছৰ পূৰ্বে বিচৰা হৈছিল আবেদন৷



২০১৮ বৰ্ষৰ ১৬ আগষ্ট আছিল আবেদনৰ অন্তিম সময়সীমা৷ বিজ্ঞাপন লাভ কৰাৰ পিছতে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলেও পৰিবহণ বিভাগৰ এই চাকৰিৰ বাবে জনাইছিল আবেদন৷ কিন্তু বিজ্ঞাপন প্ৰকাশৰ এটা বছৰ হ’ল, এতিয়ালৈ পৰিবহণ বিভাগে আগবঢ়াব নোৱাৰিলে নিৱনুৱা সংস্থাপনৰ গাড়ী৷



কিছুদিন পূৰ্বে পৰিবহণ বিভাগৰ আয়ুক্তৰ দ্বায়িত্ব গ্ৰহণ কৰিছে কামৰূপ মহানগৰৰ পূৰ্বৰ উপায়ুক্ত তথা IAS বিষয়া বীৰেন্দ্ৰ মিট্টালে৷ এতিয়া বিষয়াগৰাকীৰ তত্বাৱধানত শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষিত নিবনুৱাসকলে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি