• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিদিনৰ বাবে উজনি অসমত নচলে যাত্ৰীবাহী বাহন, পিছে কিয়?

তিনিদিনৰ বাবে উজনি অসমত নচলে যাত্ৰীবাহী বাহন, পিছে কিয়?

Source-Google

Source-Google

সোমবাৰৰ পৰা তিনিদিনৰ বাবে বন্ধ হৈ পৰিছে উজনি অসমৰ পৰা চলাচল কৰা যাত্ৰীবাহী বাহনসমূহৰ যাতায়ত।

  • Share this:
সোমবাৰৰ পৰা তিনিদিনৰ বাবে বন্ধ হৈ পৰিছে উজনি অসমৰ পৰা চলাচল কৰা যাত্ৰীবাহী বাহনসমূহৰ যাতায়ত। চৰকাৰৰ সহযোগিতাৰ অভাৱৰ বাবে ১৪ ছেপ্তেম্বৰৰ পৰা ৭২ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে উজনি অসম সন্মিলিত বাছ মালিক সন্থা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাচল কৰা যাত্ৰীবাহী বাহনসমূহৰ মালিক, কৰ্মচাৰীসকলে।

সোমবাৰৰ পৰা উজনি অসমত বন্ধ হৈ পৰিল বাছ ,ট্ৰেভেলাৰকে ধৰি বেচৰকাৰী আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাচল কৰা যাত্ৰীবাহী গাড়ীসমূহৰ চলাচল।
কোভিড19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৫০ শতাংশ যাত্ৰীৰে গাড়ীসমূহ চলাবলৈ অনুমতি দিলেও সামান্য পৰিমাণে ভাড়া বেছিকৈ লোৱা বাবেই বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হ’ব লগা হৈছে বাছ মালিকসকল। আনহাতে ৪-৫ মাহ গাড়ী চলাচল নকৰাৰ পিছতো চৰকাৰে ৰোড টেক্সৰ পৰাও ৰেহাই দিয়া নাই। সেয়েহে লোকচান ভৰি গাড়ী চলোৱাটো অসম্ভৱ বুলি মন্তব্য কৰি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিছে বাছ মালিকসকলে ।

আনহাতে শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰৰ সঁহাৰি লাভ নকৰিলে আগন্তুক নিৰ্বাচনত যাত্ৰীবাহী গাড়ীৰ মালিক, কৰ্মচাৰীসকলে সহযোগিতা আগনবঢ়াই বুলি স্পষ্ট কৰি দিয়ে। বাছ মালিকসকলৰ চৰকাৰলৈ প্ৰশ্ন- ডিজেলৰ ব্যাপক মূল্যবৃদ্ধিৰ পিছত ৫০ শতাংশ যাত্ৰীৰে পূৰ্বৰ ভাড়াত যাত্ৰীবাহী গাড়ী চলোৱাটো সম্ভৱ হব পাৰে নেকি? আনহাতে পথ কৰ , বীমাকে ধৰি কোনো ক্ষেত্ৰতে ৰেহাইৰ ব্যৱস্থা চৰকাৰে নকৰাত ঋণ লৈ গাড়ীৰ ব্যৱসায় কৰি অহা যাত্ৰীবাহী গাড়ীৰগৰাকীসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিছে।
Published by:Himangshu Bhuyan
First published: