• Home
  • »
  • News
  • »
  • assam
  • »
  • হ্ৰাস পোৱা নাই আলু-পিঁয়াজৰ মূল্য! মন্ত্ৰী ৰণজিত দাসে নিৰ্ধাৰণ কৰা মূল্যত খুচুৰা বজাৰত নাই আলু-পিঁয়াজ

হ্ৰাস পোৱা নাই আলু-পিঁয়াজৰ মূল্য! মন্ত্ৰী ৰণজিত দাসে নিৰ্ধাৰণ কৰা মূল্যত খুচুৰা বজাৰত নাই আলু-পিঁয়াজ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্কোৱাড দল গঠনৰ পিছত নিশাটোৰ ভিতৰতে প্ৰতি কুইণ্টলত ২০০ টকা পৰ্যন্ত হ্ৰাস।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্কোৱাড দল গঠনৰ পিছত নিশাটোৰ ভিতৰতে প্ৰতি কুইণ্টলত ২০০ টকা পৰ্যন্ত হ্ৰাস।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্কোৱাড দল গঠনৰ পিছত নিশাটোৰ ভিতৰতে প্ৰতি কুইণ্টলত ২০০ টকা পৰ্যন্ত হ্ৰাস।

  • Share this:
এদিন পূৰ্বে ৰাজ্যৰ অসামৰিক যোগান মন্ত্ৰী ৰঞ্জীত দাসৰ সৈতে বৈঠকত মিলিত হৈছিল কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা ব্যৱসায়ী সন্থা ৷ ব্যৱসায়ী সন্থাৰ বৈঠকৰ অন্তত বিভাগীয় মন্ত্ৰীৰ ঘোষণা- খুচুৰা বজাৰত আলু ২০ টকা, ৰঙা পিঁয়াজ ৪০ টকা ৷

পিছে, মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি খুচুৰা বজাৰত আলু ২০ টকা, ৰঙা পিঁয়াজ ৪০ টকাত পোৱা নাই ৷ তাৰ বিপৰীতে মন্ত্ৰীয়ে নিৰ্ধাৰণ কৰা মূল্য দেখিবলৈ পোৱা গ'ল পাইকাৰী বজাৰতহে ৷

উল্লেখ্য যে, এটা দিনৰ ভিতৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্কোৱাড দল গঠনৰ নিৰ্দেশ জাৰি কৰিছিল ৷ এই নিৰ্দেশৰ পিছতে ফাঁচীবজাৰত ব্যাপক তাৰতম্য আলু পিঁয়াজৰ মূল্য ৷ পিছে, পাইকাৰী বজাৰত দামৰ তাৰতম্য হ'ল ঠিকেই, কিন্তু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে নিৰ্ধাৰণ কৰা মূল্যত খুচুৰা বজাৰত নাই আলু-পিঁয়াজ ৷

তাৰ সমান্তৰাল ভাবে  মন্ত্ৰী ৰঞ্জিত দাসক এতিয়া উভতি ধৰিছে খুচুৰা বিক্ৰেতাই ৷ মন্ত্ৰীয়ে নিৰ্ধাৰণ কৰা মূল্যত নাপায় আলু পিঁয়াজ ৷ বিপৰীতে খুচুৰা বুলি দাবী কৰা মূল্য মাথোন গ্ৰহণযোগ্য পাইকাৰী বজাৰত ৷ পাইকাৰী বজাৰৰ তুলনাত ৫ , ৬ টকা অধিক খুচুৰা বজাৰত ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি