প্লাষ্টিক বেগৰ বিৰুদ্ধে 'আইনা'ৰ বিপ্লৱ: ১০হাজাৰ কাপোৰৰ মোনাৰে সাজু 'আইনা'

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদূষণমুক্ত দেশ গঢ়াৰ বাবে প্লাষ্টিক বৰ্জন কৰিবলৈ দেশবাসীক জনাইছিল আহ্বান।

News18-Assam
Updated:August 29, 2019, 10:23 PM IST
প্লাষ্টিক বেগৰ বিৰুদ্ধে 'আইনা'ৰ বিপ্লৱ: ১০হাজাৰ কাপোৰৰ মোনাৰে সাজু 'আইনা'
স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদূষণমুক্ত দেশ গঢ়াৰ বাবে প্লাষ্টিক বৰ্জন কৰিবলৈ দেশবাসীক জনাইছিল আহ্বান।
News18-Assam
Updated: August 29, 2019, 10:23 PM IST
ৰাজু বৰুৱাঃ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদূষণমুক্ত দেশ গঢ়াৰ বাবে প্লাষ্টিক বৰ্জন কৰিবলৈ দেশবাসীক জনাইছিল আহ্বান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰদূষণমুক্ত দেশ গঢ়াৰ এই আহ্বানৰ পিছতে হাতে কামে লাগিছে আইনা নামৰ স্বেচ্ছাসেৱী সংগঠনটো ৷ দিনে নিশাই চিলাই মেচিনত কাপোৰৰ মোনা তৈয়াৰত ব্যস্ত হৈ পৰিছে আইনাৰ শতাধিক সদস্য ৷ কোনোবাই যদি কাপোৰ কাটিছে,কোনোবাই চিলাইছে ৷ বেলেগ বেলেগ ৰঙৰ মোনা চিলাই আইনা সাজু হৈছে এক বিপ্লৱলৈ ৷

ইতিমধ্যে ১০হাজাৰ কাপোৰৰ মোনা সাজু কৰিছে আইনাই ৷ সাজু কৰিছে দুখন বাহনো ৷ বজাৰলৈ আহোতে মোনা হাতত লৈ যোৱাৰ অভ্যাস কৰো আহক, শীৰ্ষক আহ্বানৰে বজাৰে বজাৰে যাব মীৰা বৰঠাকুৰৰ 'আইনা' ৷ প্ৰথম পৰ্যায়ত সজাগতা আনিবলৈ বিলাব কাপোৰৰ মোনাবোৰ ৷ চুবুৰীয়াকো ঘৰতে কাপোৰৰ মোনা তৈয়াৰ কৰি দহজনকৈ লোকক বিলাবলৈ আহ্বান জনাইছে মীৰা বৰঠাকুৰে ৷

‘‘নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আমি কৰা প্ৰচেষ্টা হয়তো নগন্য ৷ প্ৰত্যেকেই নিজৰ ঘৰতে আৰম্ভ কৰক বিপ্লৱ ৷ ৰিচাইকল কৰিব নোৱাৰা সকলো প্লাষ্টিক সামগ্ৰী আমি বৰ্জন নকৰিলে এদিন ভয়াৱহ অৱস্থাৰ সৃষ্টি হ'ব ৷ আমি কাপোৰৰ মোনাবোৰ ২ অক্টোবৰত বজাৰে বজাৰে বিলাম ৷ সকলোকে আহ্বান কৰিম, সকলোৱে যাতে বজাৰলৈ আঁহোতে মোনা লৈ আহে"— মীৰা বৰঠাকুৰ
আৰু চাওক পৰৱৰ্তী বাতৰি