ব্ৰহ্মপুত্ৰ খননৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ, ৰাজ্যসভাত ক’লে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে

কংগ্রেছ সাংসদ ৰিপুণ বৰাৰ এক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় জল শক্তি মন্ত্রীয়ে।

News18-Assam
Updated:July 2, 2019, 2:38 PM IST
ব্ৰহ্মপুত্ৰ খননৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ, ৰাজ্যসভাত ক’লে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে
কংগ্রেছ সাংসদ ৰিপুণ বৰাৰ এক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় জল শক্তি মন্ত্রীয়ে।
News18-Assam
Updated: July 2, 2019, 2:38 PM IST
ব্ৰহ্মপুত্ৰ খননৰ একো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ। ব্ৰহ্মপুত্ৰ খননৰ যোগেদি বালি নিষ্কাশণ কৰি বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাযায় আৰু এই প্ৰক্ৰিয়া অৰ্থনৈতিক ভাৱে ফলপ্ৰসূ নহয়। আনহাতে লুইতৰ খনন অপৰ্যাপ্ত আৰু মূল নদীসমূহত এই প্ৰক্ৰিয়া অৱলম্বন কৰিব নালাগে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ Multi Disciplinary Committeeৰ এই ফলাফল সম্প্ৰতি পোহৰলৈ আহিছে ৰাজ্যসভাৰ এক উত্তৰত। কংগ্রেছ সাংসদ ৰিপুণ বৰাৰ এক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় জল শক্তি মন্ত্রীয়ে।

আনহাতে, অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নথকাৰো অভিযোগ উত্থাপন কৰে ৰিপুণ বৰাই। লগতে অসমৰ বান আৰু গৰাখহনীয়া প্ৰতিহত কৰাৰ দায়িত্বও ৰাজ্য চৰকাৰৰ বুলি উত্তৰত উল্লেখ কৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি