বিধায়কে PSO এৰিব নে নেৰে? PSOক লৈ মুখ্যমন্ত্ৰীৰে সংঘাতত লিপ্ত হৈছে বিৰোধী কংগ্ৰেছ ৷ কিয়নো ষ্টেটাছ ছিম্বল PSO ৷ কোনেও এৰিব নিবিচাৰে PSO ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বিধায়কসকলক ব্যক্তিগত দেহৰক্ষী তথা PSO প্ৰত্যাহাৰ কৰিবলৈ জনাইছিল আহ্বান ৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুই-এক BJPৰ বিধায়ক-নেতাই PSO প্ৰত্যাহাৰৰ বাবে আগ্ৰহ প্ৰকাশো কৰিছিল ৷
কিন্তু PSO প্ৰত্যাহাৰ কৰিবলৈ অনিচ্ছুক বিৰোধী কংগ্ৰেছৰ বিধায়কসকল ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰি মঙলবাৰে কৈয়ে দিলে- “পুলিচৰাজ চলা বুলি দাবী কৰা কংগ্ৰেছে কিয় এৰি নিদিয়ে PSOক?”
মুখ্যমন্ত্ৰীৰ এই সমালোচনাক লৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ (Assam Congress) কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ক'লে- “PSO প্ৰত্যাহাৰক লৈ প্ৰথমে বিধানসভাত বিল পাছ কৰক ৷ তেতিয়া সকলো বিধায়কে একেলগে এৰিব PSO ৷ কেৱল কংগ্ৰেছৰে নহয়, সকলো বিধায়কৰে আছে PSO ৷ বিধায়ক হিচাপে জয়ী হ'লে জিলা আৰক্ষী অধীক্ষকে PSO প্ৰদান কৰেই ৷ এয়া নিয়ম৷”
জাকিৰ হুছেইন শিকদাৰৰ দাবী- “ৰাজ্যৰ অন্যান্য সমস্যাৰাজিক ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে PSO প্ৰত্যাহাৰৰ কথা কয় ৷ এইবোৰ কথা আলোচনা কৰাতকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰক ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|