• Home
  • »
  • News
  • »
  • assam
  • »
  • Barpeta Road : বৰপেটাৰোডত বিলাতী সুৰাৰ দোকানৰ বাবে সাতখনকৈ আপত্তিবিহীন প্ৰমাণপত্ৰ, তীব্ৰ প্ৰতিক্ৰিয়া

Barpeta Road : বৰপেটাৰোডত বিলাতী সুৰাৰ দোকানৰ বাবে সাতখনকৈ আপত্তিবিহীন প্ৰমাণপত্ৰ, তীব্ৰ প্ৰতিক্ৰিয়া

বৰপেটাৰোড পৌৰ এলেকাত সুৰাৰ দোকানৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ পৌৰবোৰ্ডে দিব নোৱাৰিব ন্যায়ালয়েও এক নিৰ্দেশনা জাৰি কৰিছিল।

বৰপেটাৰোড পৌৰ এলেকাত সুৰাৰ দোকানৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ পৌৰবোৰ্ডে দিব নোৱাৰিব ন্যায়ালয়েও এক নিৰ্দেশনা জাৰি কৰিছিল।

বৰপেটাৰোড পৌৰ এলেকাত সুৰাৰ দোকানৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ পৌৰবোৰ্ডে দিব নোৱাৰিব ন্যায়ালয়েও এক নিৰ্দেশনা জাৰি কৰিছিল।

  • Share this:
বৰপেটাৰোডত বিলাতী সুৰাৰ দোকানৰ বাবে সাতখনকৈ আপত্তিবিহীন (No Objection)  প্ৰমাণপত্ৰ দিয়া ঘটনাক লৈ চহৰখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ উল্লেখ্য যে বৰপেটাৰোড পৌৰসভা এলেকাত বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ বৰপেটাৰোড পৌৰবোৰ্ডৰ পৰা নিদিয়াৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ পৌৰপতি প্ৰয়াত বিদ্যানন্দ চৌধুৰীৰ দিনতে বিগত ২০০৯ বৰ্ষতে এক প্ৰস্তাৱ লৈছিল ৷

পৰৱৰ্তী সময়ত বৰপেটাৰোড পৌৰবোৰ্ড বিজেপিৰ দখললৈ যোৱাত প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ সাহাৰ নেতৃত্বত বৰপেটাৰোড পৌৰবোৰ্ড গঠন হৈছিল যদিও তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালতো বৰপেটাৰোডত বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তি বিহীন প্ৰমাণপত্ৰ প্ৰদান কৰা নাছিল ৷

পৰৱৰ্তী সময়ত পুনৰ বৰপেটাৰোড পৌৰসভা বিজেপিৰ দখললৈ যোৱাত প্ৰাক্তন পৌৰ নেত্ৰী সবিতা দেৱনাথৰ নেতৃত্বত বৰপেটাৰোড পৌৰবোৰ্ডখন গঠন হৈছিল ৷ সবিতা দেৱনাথৰ কাৰ্যকালতো বৰপেটাৰোড পৌৰ এলেকাত বিলাতী সুৰাৰ দোকানৰ বাবে আপত্তি নথকাৰ প্ৰমাণ পত্ৰ দিয়া হোৱা নাছিল ৷

সবিতা দেৱনাথৰ কাৰ্যকাল শেষ হোৱাৰ পিছত বৰপেটাৰোড পৌৰসভা প্ৰশাসনৰ অধীনলৈ যায়। বৰপেটাৰোড পৌৰবোৰ্ড প্ৰশাসনৰ অধীনলৈ যোৱাৰ সময়ত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰে বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাপে দায়িত্বভাৰ লয় ৷

বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰে পৌৰবোৰ্ডৰ দায়িত্বভাৰ লোৱাৰ পিছত কাৰ্যবাহী বিষয়া গৰাকীয়ে বৰপেটাৰোড পৌৰ এলেকাত নতুনকৈ আৰু ৭খন বিলাতী সুৰাৰ দোকান খোলাৰ বাবে  আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়াত জাঙুৰ খাই উঠিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু চহৰখনৰ সচেনত মহল ৷

ইপিনে বৰপেটাৰোড পৌৰ এলেকাত সুৰাৰ দোকানৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ পৌৰবোৰ্ডে দিব নোৱাৰিব বুলি চলিত বৰ্ষৰ ১৭ মাৰ্চত ন্যায়ালয়েও এক নিৰ্দেশনা জাৰি কৰিছিল ৷

আনহাতে ন্যায়ালয়ৰ নিৰ্দেশনাক উলাই কৰি বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়া পাৰ্থপ্ৰতিম খনিকৰে কিদৰে সাতখনকৈ সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে  আপত্তিবিহীন প্ৰমাণপত্ৰ দিলে সেই লৈ চহৰখনৰ বৰ্তমানৰ বিজেপিৰ দখলত থকা বৰপেটাৰোড পৌৰবোৰ্ডৰ সভাপতি ৰাজেশ সৰকাৰে আশ্চৰ্য প্ৰকাশ কৰি কয়- পূৰ্বৰ তিনিখনকৈ পৌৰবোৰ্ডে বৰপেটাৰোড চহৰত সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আপত্তি নথকাৰ প্ৰমাণপত্ৰ নিদিয়াৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তকেই বাহাল ৰাখিব বৰ্তমানৰ পৌৰবোৰ্ডে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি