• Home
  • »
  • News
  • »
  • assam
  • »
  • আপোনাৰ গাড়ীৰ লাইচেন্স, ফিটনেছ, পাৰ্মিটৰ ম্যাদ উকলিছে নেকি? এতিয়া চিন্তাৰ কোনো কাৰণ নাই

আপোনাৰ গাড়ীৰ লাইচেন্স, ফিটনেছ, পাৰ্মিটৰ ম্যাদ উকলিছে নেকি? এতিয়া চিন্তাৰ কোনো কাৰণ নাই

লকডাউন খোলাৰ পিছতে পুনৰ পূৰ্বৰ দৰে প্ৰযোজ্য হ’ব সকলো নিয়ম।

লকডাউন খোলাৰ পিছতে পুনৰ পূৰ্বৰ দৰে প্ৰযোজ্য হ’ব সকলো নিয়ম।

লকডাউন খোলাৰ পিছতে পুনৰ পূৰ্বৰ দৰে প্ৰযোজ্য হ’ব সকলো নিয়ম।

  • Share this:
দেশত চলি থকা লকডাউনৰ ২৮টা দিন উকলিল। ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে লকডাউনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চালকৰ অনুজ্ঞা পত্ৰৰ লগতে যান–বাহনৰ লাইচেন্স,পাৰ্মিট অথবা ফিটনেছ পাৰ্মিটৰ ম্যাদ উকলিলে চিন্তাৰ কোনো প্ৰয়োজন নাই। কিয়নো, যান-বাহনৰ পঞ্জীয়নৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা যিসমূহ বাহনৰ ম্যাদ উকলিছে, সেইসমূহ বাহনৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য হ’ব। সকলো পাৰ্মিট আৰু ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নতুন নিয়ম। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লকডাউন খোলাৰ পিছত অৰ্থাৎ ৩০ জুনৰ চালকসকলে নিজৰ নিজৰ যাৱতীয় কাম–কাজসমূহ নিজ নিজ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰিব পাৰিব। লকডাউনৰ সময়ত কাৰ্যালয় বন্ধ ৰখাৰ বাবে কোনো লোকে কৰিব পৰা নাই কাম। যাৰ বাবে এই ব্যৱস্থা কৰি দিছে চৰকাৰে।

লকডাউন খোলাৰ পিছতে পুনৰ পূৰ্বৰ দৰে প্ৰযোজ্য হ’ব সকলো নিয়ম। উল্লেখযোগ্য যে লকডাউনৰ সময়ত পৰিবহণ বিভাগে চালকৰ ক্ষেত্ৰত কেতবোৰ নতুন নতুন নিৰ্দেশনা জাৰি কৰিছিল।
Published by:Sanjay Kumar Das
First published: