কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে যোৱা ১৯ অক্টোবৰত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ কলাক্ষেত্ৰৰ সঞ্চালকৰ সৈতে বৈঠকত মিলিত হৈছিল।
কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে যোৱা ১৯ অক্টোবৰত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ কলাক্ষেত্ৰৰ সঞ্চালকৰ সৈতে বৈঠকত মিলিত হৈছিল।
‘কলাক্ষেত্ৰৰ মৰ্যদা বিঘ্নিত কৰা নহ’ব। কলাক্ষেত্ৰত কোনো কাৰণতে নিৰ্মাণ নহয় মিঞা সংগ্ৰহালয়।’ এই কথা স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘অসমৰ সভ্যতা- সংস্কৃতিত একাংশই আক্ৰমণ চলাইছে। এটা সময়ত এই আক্ৰমণ নামনি আৰু মধ্য অসমৰ কিছু ঠাইত সীমাবদ্ধ আছিল। কিন্তু যোৱা কিছু বছৰৰ পৰা অসমৰ সভ্যতা-সংস্কৃতিৰ যিমান প্ৰতীক আছে, সকলোতে এচাম ব্যক্তিয়ে আক্ৰমণ কৰিব খোজে। সেয়া বৰদোৱাই হওক বা অন্য ঠাইতে। নাগৰিকত্ব সংশোধনী আইনৰ সময়তো শংকৰদেৱ কলাক্ষেত্ৰক ভাঙিবলৈ এচাম লোকে লক্ষ্য কৰি লৈছিল। এচাম নিৰ্দিষ্ট লোকে গেট ভাঙি দিছিল।’
মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘কলাক্ষেত্ৰৰ ওপৰত এতিয়া এচামৰ চকু পৰিছে। কলাক্ষেত্ৰত হৈছে অসমৰ কলা সংস্কৃতিৰ এখন প্ৰাতঃ স্মৰণীয় কেন্দ্ৰ। তাত অন্য সভ্যতা-সংস্কৃতিৰ সংগ্ৰহালয় হোৱাৰ কথাই আহিব নোৱাৰে। গতিকে মই এই ধাৰণা প্ৰত্যাখ্যান কৰিছো। আৰু অসম চৰকাৰে স্পষ্ট কৰি দিছে যে, শংকৰদেৱ কলাক্ষেত্ৰত কোনো ধৰণৰ মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব। অসম চৰকাৰে কোনো কাৰণতে মিঞা সংগ্ৰহালয় অসমত স্থাপন নকৰে। এই কথা স্পষ্ট। ’
ইফালে বিধায়ক পদ্ম হাজৰিকায়ো মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ অসম চৰকাৰলৈ পত্ৰ লিখা বিধায়ক শ্বেৰমান আলীক তীক্ষ্ন সমালোচনা কৰে।
উল্লেখযোগ্য যে, কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে যোৱা ১৯ অক্টোবৰত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ কলাক্ষেত্ৰৰ সঞ্চালকৰ সৈতে বৈঠকত মিলিত হৈছিল। ইয়াৰ পিছতে ৰাজ্য চৰকাৰে চৰ-চাপৰিৰ ঐতিহ্য সংৰক্ষণৰ বাবে সংগ্ৰহালয় নিৰ্মাণ কৰাৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু ছচিয়েল মিডিয়াত বিষয়টো বিশেষ ভাবে চৰ্চিত হয়। লগতে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে একাংশই। ফলত এতিয়া কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় নিৰ্মাণ নহয় বুলি স্থিতি স্পষ্ট কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ পিছত এতিয়া বিধায়ক শ্বেৰমান আলীয়ে বিষয়টোৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া হ’ব লক্ষ্যণীয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|