মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘নালাগে মাস্ক, নিপিন্ধো’-কোৰোণা মহামাৰীলৈ ভয় নাই এই সকল ডেম কেয়াৰ যুৱকৰ

‘নালাগে মাস্ক, নিপিন্ধো’-কোৰোণা মহামাৰীলৈ ভয় নাই এই সকল ডেম কেয়াৰ যুৱকৰ

News18 Assam | News18-Assam
Updated:July 29, 2020, 9:33 PM IST
‘নালাগে মাস্ক, নিপিন্ধো’-কোৰোণা মহামাৰীলৈ ভয় নাই এই সকল ডেম কেয়াৰ যুৱকৰ
দায়িত্ব সকলোৰে আছে ৷ কিন্তু কোৰোণাৰ ভয়াৱহতাইয়ো গা লৰাব পৰা নাই বহুজনৰ ৷

দায়িত্ব সকলোৰে আছে ৷ কিন্তু কোৰোণাৰ ভয়াৱহতাইয়ো গা লৰাব পৰা নাই বহুজনৰ ৷

  • Share this:
নাই, নিপিন্ধে ৷ কোনো কাৰণতে নিপিন্ধে মাস্ক ৷ তেওঁলোকৰ ওচৰত এতিয়া যেন কোৰোণাও কনফিউজড ৷ মাস্ক নিপিন্ধিলে জৰিমনা ১০০০ টকা ৷ সেই ভয়ো নাই তেওঁলোকৰ ৷ মুঠতে মাস্ক নিপিন্ধে ৷ মহানগৰী গুৱাহাটীত অধিকাংশই মাস্ক পৰিধান কৰি সামাজিক দায়িত্ব পালন কৰি থকাৰ সময়তে আন একাংশই পাহৰি পেলাইছে সকলো ৷ কোনেও যাতে আনক সংক্ৰমিত কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিছে মাস্ক পৰিধান কৰাটো ৷ কিন্তু সেই নিৰ্দেশনায়ো গা লৰাব পৰা নাই একাংশৰ ৷

দায়িত্ব সকলোৰে আছে ৷ কিন্তু কোৰোণাৰ ভয়াৱহতাইয়ো গা লৰাব পৰা নাই বহুজনৰ ৷ আনকি মাস্ক পৰিধান নকৰা গ্ৰাহকেও অতিষ্ঠ কৰিছে মহানগৰীৰ ব্যৱসায়ীসকলক ৷ ব্যৱসায়সকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, 'মাস্ক পৰিধান কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য ৷ কেতিয়াবা একাংশ গ্ৰাহকে মাস্ক পিন্ধিবলৈ পাহৰি যায় ৷ আমি সোঁৱৰাই দিলেহে পিন্ধি লয় ৷ মহামাৰীৰ সময়ত সকলোৱে মাস্কৰ গুৰুত্ব উপলব্ধি কৰাটো জৰুৰী৷'

মহামাৰী কোৰোণাৰ পৰা ৰক্ষা পাবলৈ তথা আন ব্যক্তি বা পৰিয়ালক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক পৰিধান অত্যন্ত জৰুৰী ৷ কিন্তু সকলো দেখি-বুজিও একাংশৰ মাস্কৰ প্ৰতি থকা চূড়ান্ত অনিহাই চিন্তিত কৰিছে সকলোকে ৷
Published by: Himangshu Bhuyan
First published: July 29, 2020, 9:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি